সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত কালি বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰক উদ্যানত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ সঞ্চালক বিগ্ৰেডিয়াৰ ডি মজুমদাৰে৷ অনুষ্ঠানৰ মুখ্য অতিথি অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভড়ালীয়ে কাৰ্গিল যুদ্ধৰ ছহিদসকলক শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি অৰ্পন কৰে৷ অনুষ্ঠানত লায়ন্স ক্লাৱৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভড়ালী, বিগ্ৰেডিয়াৰ ডি মজুমদাৰ আৰু কৰ্ণেল ডি কে বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভড়ালীয়ে ছহিদসকলক সুঁৱৰি আৰু কৰ্ণেল ডি কে বৰাই কাৰ্গিল যুদ্ধৰ স্মৃতি বৰ্ণনা কৰি ভাষণ দিয়ে৷অনুষ্ঠানত কেবাটাও দেশপ্ৰেমমূলক গীত পৰিবেশন কৰা হয়৷সন্ধিয়া যুদ্ধ স্মাৰক উদ্যানত মমবাটি প্ৰজ্বলন কৰা হয়৷
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য