স্বচ্ছতাক দৈনন্দিন জীৱনশৈলীৰ অংশ কৰি তুলিলে দেশৰ উন্নয়ন ত্বৰান্বিত হ’ব – কেশৱ মহন্ত

0 120

জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰ সভাৰ উদ্যোগত নগৰখনৰ বিহুতলীত “স্বচ্চতাই সেৱা” অভিযানৰ অংশৰূপে “এক তাৰিখ এক ঘণ্টা” শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে বিহুতলিত আয়োজিত এক সামূহিক চাফাই অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই কয় যে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবাসীৰ সামাজিক উত্তৰণৰ পথ প্ৰশস্ত কৰাত স্বচ্চতাৰ জীৱনশৈলী যে অতি প্ৰয়োজনীয়, সেয়া তেতিয়াই দেশবাসীৰ সন্মুখত উদাহৰণেৰে দাঙি ধৰি থৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দেশত স্বচ্চ ভাৰত অভিযানৰ সূচনা কৰি বিগত ৯ বছৰত স্বচ্চতাক বিভিন্ন আঁচনি আৰু চৰকাৰী কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰি এক জন আন্দোলনলৈ ৰূপান্তৰ কৰালে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন স্বচ্ছ অসম গঢ়ি তোলাৰ বাবে প্ৰতিগৰাকী নাগৰিককেই সক্ৰিয় ভূমিকা লৈ ওলাই আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে আমি সকলোৱেই পৰিষ্কাৰ -পৰিচ্ছন্নতাক স্বতঃস্ফূৰ্তভাৱে দৈনন্দিন জীৱনশৈলীৰ অংশ কৰি তুলিলে দেশৰ উন্নয়ন ত্বৰান্বিত হ’ব। স্বচ্ছতাই শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন আনে বুলি উল্লেখ কৰি তেওঁ সকলোৱে নিজৰ পদূলিটো নিজেই পৰিষ্কাৰ কৰি ৰাখিলে চৰকাৰে স্বচ্ছতাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ প্ৰয়োজনেই নহ’ব বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে। অনুষ্ঠানত দিয়া ভাষণত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে স্বচ্চতাৰ দিশত নিজৰ দায়িত্ব পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে মহাত্মা গান্ধীয়ে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহত স্বচ্ছতাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছিল। তেওঁ সকলোকে আজিৰ দিনটোতে স্বচ্ছতাৰ দিশত সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। এই সভাৰ পিছতেই মন্ত্ৰীগৰাকীৰ লগতে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁৱৰ পৌৰপতি যোগেশ তামুলী, প্ৰশাসনৰ বিষয়া, পাৰিষদসকল, পৌৰ সভাৰ বিষয়া-কৰ্মচাৰীসকল, বিভিন্ন আত্মসহায়ক গোটৰ মহিলা আৰু স্থানীয় ৰাইজে মৰিগাঁও নগৰৰ কেইবাটাও স্থানত চাফাই অভিযান চলায়। মৰিগাঁও পৌৰ সভাৰ উদ্যোগত আজি নগৰখনৰ ২৩ টা স্থানত স্বচ্ছতাৰ অভিযান চলোৱা হয়।

মন্ত্ৰীগৰাকীয়ে এই স্বচ্ছতাৰ অভিযানৰ পিছতেই মৰিগাঁও আৱৰ্ত ভৱনত ৰাজহ বিভাগৰ অধীনৰ মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বসুন্ধৰা ২.০ৰ কাম-কাজৰ পৰ্যালোচনা চলায়। এই পৰ্যালোচনাকালতে মন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা ২.০ৰ অধীনত মহকুমা ভূমি উপদেষ্টা সমিতিত অনুমোদন লাভ কৰা আবেদনপত্ৰসমূহ পুংখানপুংখভাৱে পৰ্যবেক্ষণ কৰি চুড়ান্ত অনুমোদন প্ৰদান কৰে। সভাত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) বিমান দাস আৰু পাঁচোটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে জিলা আয়ুক্তৰ কাৰ্যালয়, সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ৰাজহুৱা স্থান, বজাৰ আদিত আজি সকলোৱে একত্ৰিত হৈ সামূহিক চাফাই অভিযানত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.