অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ ব্যক্তিগত আয় বৃদ্ধি আঁচনিৰ অধীনত ৰাজ্যৰ দুখীয়া মহিলা সকলে তাঁতশালত কাপোৰ বৈ আৰ্থিক ভাৱে যাতে স্বাৱলম্বী হ`ব পাৰে তাৰ বাবে তাঁতশাল বিতৰণকে ধৰি বিভিন্নজনে আঁচনি গ্ৰহণ কৰা হৈছে । আনকি গুৱাহাটীৰ সাংসদ কুইন ওজায়ো তেওঁৰ সংসদীয় ক্ষেত্ৰৰ অধীনৰ ১০ টা বিধানসভা সমষ্টিত এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি দুখীয়া মহিলা সকলে যাতে স্বাৱলম্বী হ`ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আজি এই আঁচনিৰ অধীনত সাংসদৰ আদৰ্শ গাঁও হিচাপে ঘোষিত পশ্চিম গুৱাহাটী সমষ্টিৰ দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অধীনৰ ৰাণীৰ সমীপৰ গৰাখহনীয়াপাৰাত ,অঞ্চলটোৰ ১৪ গৰাকী দুখীয়া মহিলাক এখনকৈ উন্নত মানৰ তাঁতশাল বিতৰণ কৰা হয় । বিতৰণ কাৰ্যসূচীত ভাগ লৈ অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ অতিৰিক্ত সঞ্চালক নিশিকান্ত শৰ্মাই আঁচনিখনৰ বাখ্যা দাঙি ধৰে আৰু ইয়াৰ লাভালাভৰ সুবিধা গ্ৰহণ কৰিবলৈ মহিলা সকলক আহ্বান জনায় । কাৰ্যসূচীত ভাগ লৈ সাংসদ কুইন ওজাৰ মনোনীত প্ৰতিনিধি , জিলা উন্নয়ন আৰু নিৰীক্ষণ কমিটিৰ সদস্য প্ৰশান্ত মহন্তই মহিলা সকলে যাতে তাঁতশাল ঘৰত পেলাই নাৰাখি তাক উৎপাদনমুখী কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । কাৰ্যসূচীত হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক নৱজ্যোতি শৰ্মা , সমাজকর্মী উমাকান্ত দাস , জিতেন্দ্ৰৰ খত্তৰ , জিতুমণি দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই