সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে হস্তী-মানৱৰ সংঘাত । এইক্ষেত্ৰত শোণিতপুৰ জিলাৰ বালিপৰা-ৰঙাপৰা অঞ্চলতো অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে । এই হস্তী-মানৱৰ সংঘাতক প্ৰতিৰোধ কৰা আৰু হাতীকে আদি কৰি বন্য জীৱ-জন্তুৰ সংৰক্ষণ কৰা, গছপুলি ৰোপণ আদিকে থিম হিচাপে লৈ বালিপৰাৰ গোবিন্দপুৰ গাঁৱত এইবেলি প্ৰথম বাৰ্ষিক দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে । বালিপৰাৰ সমীপৱৰ্তী গোবিন্দপুৰ গাঁও দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত গাঁওখনত প্ৰথমবাৰৰ অনুষ্ঠিত দুৰ্গাপূজাত আজি মহাঅষ্টমীৰ দিনা ক’ভিড প্ৰটকল মানি অঞ্চলবাসী গঞা ৰাইজে তেল-ধূপ-দ্বীপ-নৈবদ্য আৰু অৰ্ঘৰে দুৰ্গা পূজাত শৰাই আগবঢ়াই সকলোৰে মংগল কামনাৰ্থে আশীষ লয় । পূজাস্থলীৰ অন্যতম আকৰ্ষণ বালি, শিলেৰে তৈয়াৰী এটা হাতী । হাতীৰ সন্মুখতে আঁৰি দিয়া হৈছে “ছেভ এলিফেন্ট ” শীৰ্ষক বেনাৰ । একেদৰে , গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক অন্য এখন বেনাৰ আঁৰি উদযাপন সমিতিয়ে জনমানসত হস্তী-মানৱৰ সংঘাত ৰোধ কৰা, হস্তী সংৰক্ষণ কৰাৰ লগতে গছপুলি ৰোপণৰ লাভালাভ সম্পৰ্কে ভক্তপ্ৰাণ ৰাইজক এক ব্যতিক্ৰম বাৰ্তা দিয়াৰ সৎ প্ৰয়াস কৰিছে বুলি পূজা সমিতিৰ হৈ বিষয়ববীয়া প্ৰদীপ সৰকাৰ আৰু তাপস চৰকাৰে কাকতৰ এই প্ৰতিবেদকক জানিবলৈ দিছে।সমিতিয়ে লগতে জনাইছে কলকাতাৰ পৰা আমন্ত্ৰিত শিল্পীয়ে তেওঁলোকৰ পূজা মণ্ডপটো আটকধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram