সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে হস্তী-মানৱৰ সংঘাত । এইক্ষেত্ৰত শোণিতপুৰ জিলাৰ বালিপৰা-ৰঙাপৰা অঞ্চলতো অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে । এই হস্তী-মানৱৰ সংঘাতক প্ৰতিৰোধ কৰা আৰু হাতীকে আদি কৰি বন্য জীৱ-জন্তুৰ সংৰক্ষণ কৰা, গছপুলি ৰোপণ আদিকে থিম হিচাপে লৈ বালিপৰাৰ গোবিন্দপুৰ গাঁৱত এইবেলি প্ৰথম বাৰ্ষিক দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে । বালিপৰাৰ সমীপৱৰ্তী গোবিন্দপুৰ গাঁও দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত গাঁওখনত প্ৰথমবাৰৰ অনুষ্ঠিত দুৰ্গাপূজাত আজি মহাঅষ্টমীৰ দিনা ক’ভিড প্ৰটকল মানি অঞ্চলবাসী গঞা ৰাইজে তেল-ধূপ-দ্বীপ-নৈবদ্য আৰু অৰ্ঘৰে দুৰ্গা পূজাত শৰাই আগবঢ়াই সকলোৰে মংগল কামনাৰ্থে আশীষ লয় । পূজাস্থলীৰ অন্যতম আকৰ্ষণ বালি, শিলেৰে তৈয়াৰী এটা হাতী । হাতীৰ সন্মুখতে আঁৰি দিয়া হৈছে “ছেভ এলিফেন্ট ” শীৰ্ষক বেনাৰ । একেদৰে , গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক অন্য এখন বেনাৰ আঁৰি উদযাপন সমিতিয়ে জনমানসত হস্তী-মানৱৰ সংঘাত ৰোধ কৰা, হস্তী সংৰক্ষণ কৰাৰ লগতে গছপুলি ৰোপণৰ লাভালাভ সম্পৰ্কে ভক্তপ্ৰাণ ৰাইজক এক ব্যতিক্ৰম বাৰ্তা দিয়াৰ সৎ প্ৰয়াস কৰিছে বুলি পূজা সমিতিৰ হৈ বিষয়ববীয়া প্ৰদীপ সৰকাৰ আৰু তাপস চৰকাৰে কাকতৰ এই প্ৰতিবেদকক জানিবলৈ দিছে।সমিতিয়ে লগতে জনাইছে কলকাতাৰ পৰা আমন্ত্ৰিত শিল্পীয়ে তেওঁলোকৰ পূজা মণ্ডপটো আটকধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰিছে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন