ডিমা হাচাও জিলাৰ সদৰ হাফলং চহৰত ১৯৮৩ চনত অসমৰ বিভিন্ন ঠাইৰ পৰা তাত গৈ বসতি কৰা লোকসকলে স্থাপন কৰিছিল এটা নামঘৰ। এইবেলি ৭ আগষ্টৰ পৰা ১৩ আগষ্টলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে হাফলং নামঘৰৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ – মালহৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১২ আগষ্টৰ দিনা নিশা অসমৰ বিভিন্ন ঠাইৰ পৰা গৈ তাত বাস কৰা অসমীয়া মহিলা সকলে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত “সীতা হৰণ বালী বধ” নামৰ অংকীয়া ভাওনাখন মঞ্চস্থ কৰে।হাফলং নামঘৰৰ পৰিচালনাত চহৰ খনত বাস কৰা ১৬ গৰাকী মহিলাই অংকীয়া নাটখনত প্ৰায় চাৰে তিনি ঘণ্টা ধৰি সুন্দৰ মনপৰশা অভিনয়ৰে উপস্থিত তিনি শতাধিক দৰ্শকক আপ্লুত কৰে৷এসময়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বেষ্ট কেডেটৰ সন্মান লাভ কৰা গুৱাহাটীৰ কাহিলীপাৰাৰ উচ্চ শিক্ষিত জীয়ৰী আৰু বৰ্তমান হাফলং চহৰত এখন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰী ডঃ ববিতা ইংতিপিৰ সামগ্ৰিক ব্যৱস্থাপনাত সফলভাবে মঞ্চস্থ হোৱা নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে – ৰাৱণত ডঃ ববিতা ইংতিপি, ৰামত হিমাদ্ৰী বৰা, লক্ষ্মণত অণিমা হাজৰিকা ,সীতাত কৰবী পাঠক, মাৰীচত ৰেখামণি গগৈ,শূৰ্পনখাত বিজু দাস আৰু প্ৰতিমা বৰদলৈ (ৰাক্ষস ৰূপ) , বালীত মইনা তামুলী উজীৰ, সুগ্ৰীবত বৰ্ণালী মহন্ত, হনুমানত অঞ্জনা খনিকৰ চেতিয়া,জাম্বুবন্তত ইন্দ্ৰ জইচি, জটায়ুত দেবী যায়,কবন্ধত কবিতা বৈশ্য,অংগদত কোহেলিকা বৰকাকতি,তাৰাত ৰশ্মি বৰা, মায়াবন্তত মধুষ্মিতা বুঢ়াগোহাঁই আৰু দুন্দুভিত নিবেদিতা চেতিয়া। উল্লেখযোগ্য যে হাফলং নামঘৰৰ প্ৰতিষ্ঠা দিৱসত ২০১১ চনৰ পৰা সলনা – সলনিকৈ প্ৰতি বছৰে পুৰুষ আৰু মহিলাই সুকীয়াকৈ অংকীয়া নাট প্ৰদৰ্শন কৰি আহিছে।২০২২ চনত পুৰুষ আৰু মহিলাই একেলগে নাট মঞ্চস্থ কৰিছিল । সেইবাৰ পুৰুষৰ চৰিত্ৰত পুৰুষে আৰু মহিলাৰ চৰিত্ৰত মহিলাই অভিনয় কৰিছিল। কিন্তু এইবেলি মহিলা সকলে নাট প্ৰদৰ্শন কৰোতে পুৰুষৰ চৰিত্ৰটো অভিনয় কৰিছে বুলি বিশেষ ব্যৱস্থাপনাৰ দায়িত্বত থকা ডঃ ববিতা ইংতিপিয়ে জানিবলৈ দিছে। ইফালে হাফলং নামঘৰ পৰিচালনা সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক মানৱ ৰাজবংশীয়ে হাফলং নামঘৰৰ সপ্তাহযোৰা কাৰ্যসূচী সুচাৰুভাবে উদযাপন কৰা বাবে সমূহ হাফলংবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে