ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি)ৰ পৰা হাৰ্দিক শৰ্মালৈ পুতলা নাচৰ বাবে ২০২২-২০২৩ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত শিশু শিল্পী বৃত্তিৰ (সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনি) বাবে মনোনীত হৈছে। হাৰ্দিক শৰ্মাই এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ আছে । হাৰ্দিক শৰ্মা গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণো লৈ আছে।শিশু শিল্পী হাৰ্দিক শৰ্মাই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ( এন চি আৰ টি) আৰু অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ (এছ চি ই আৰ টি) ৰ শিক্ষাৰ লগত জৰিত ছুটি ছবিত অভিনয় আৰু পুতলা নাটৰ ছুটি ছবি সমূহত পুতলা সঞ্চালন কৰি আহিছে। লগতে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাটত সঞ্চালন আৰু অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে।হাৰ্দিক শৰ্মাই ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ অধীনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটত অভিনয় কৰি আহিছে। হাৰ্দিক শৰ্মাই অভিনয় আৰু পুতলা নাচৰ লগতে বিভিন্ন সাংস্কৃতিক মঞ্চত সংগীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে।হাৰ্দিক শৰ্মা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সীমান্ত শৰ্মা আৰু বিনীতা দেৱীৰ এক মাত্ৰ পুত্ৰ।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta