ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি)ৰ পৰা হাৰ্দিক শৰ্মালৈ পুতলা নাচৰ বাবে ২০২২-২০২৩ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত শিশু শিল্পী বৃত্তিৰ (সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনি) বাবে মনোনীত হৈছে। হাৰ্দিক শৰ্মাই এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ আছে । হাৰ্দিক শৰ্মা গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণো লৈ আছে।শিশু শিল্পী হাৰ্দিক শৰ্মাই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ( এন চি আৰ টি) আৰু অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ (এছ চি ই আৰ টি) ৰ শিক্ষাৰ লগত জৰিত ছুটি ছবিত অভিনয় আৰু পুতলা নাটৰ ছুটি ছবি সমূহত পুতলা সঞ্চালন কৰি আহিছে। লগতে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাটত সঞ্চালন আৰু অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে।হাৰ্দিক শৰ্মাই ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ অধীনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটত অভিনয় কৰি আহিছে। হাৰ্দিক শৰ্মাই অভিনয় আৰু পুতলা নাচৰ লগতে বিভিন্ন সাংস্কৃতিক মঞ্চত সংগীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে।হাৰ্দিক শৰ্মা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সীমান্ত শৰ্মা আৰু বিনীতা দেৱীৰ এক মাত্ৰ পুত্ৰ।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান