১৫ আগষ্টৰ ভিতৰত ক’ৰণা ভাইৰাছৰ ভেকচিন সমগ্ৰ দেশতে উপলব্ধ হ’ব পাৰে

0 411

সমগ্ৰ দেশজুৰি মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে দেশবাসীৰ বাবে আছে এটা সু খবৰ। আগন্তুক ১৫ আগষ্টৰ ভিতৰত সমগ্ৰ দেশতে দেশীয় ক’ৰণাৰ ভেকচিন উপলব্ধ হ’ব পাৰে। ক’ৰণা ভাইৰাছৰ এই দেশীয় ভেকচিন নিৰ্মাণ কৰিছে ফাৰ্মাচিউটিকেল কোম্পানী ভাৰত বায়টেকে।
 
 
 
ভাৰত বায়টেক আৰু আই চি এম আৰৰ তৰফৰ পৰা ক’ৰ’ণা ভাইৰাছৰ দেশীয় ভেকচিন মুকলি কৰাৰ সম্ভাৱনা আছে।উল্লেখযোগ্য যে ক’ভাক্সিন নামৰ ক’ৰ’ণা ভাইৰাছৰ ভেকচিনটো মানৱ শৰীৰত পৰীক্ষণৰ বাবে মঞ্জুৰি লাভ কৰিছে।
 
 
সেই অনুসৰি মানৱ শৰীৰত অহা ৭ জুলাইৰ পৰা পৰীক্ষণৰ বাবে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ভেকচিনৰ সকলো পৰীক্ষণ শুদ্ধ হ’লে অহা ১৫ আগষ্টত এই ভেকচিন সমগ্ৰ দেশতে মুকলি কৰাৰ সম্ভাৱনা আছে। স্মৰ্তব্য যে সকলো পৰীক্ষণ শুদ্ধ হ’লে সৰ্বপ্ৰথমে ভাৰত বায়টেকৰ ভেকচিন বজাৰত উপলব্ধ হ’ব।

Leave A Reply

Your email address will not be published.