লখিমপুৰৰ অভিনৱ থিয়েটাৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ। বুধবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলযোগে এয়া ঘোষণা কৰে উদ্যোক্তাসকলে ৷২৮অক্টোবৰৰ পৰা লখিমপুৰৰ ফুলবাৰীত আৰম্ভ হ’বলগীয়া অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলৰ নাট মঞ্চস্থ হ’ব ৷ উদ্যোক্তাসকলে জনোৱা মতে, ফুলবাৰীৰ ১ নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্প ২৮,২৯,৩০ আৰু ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ ৷অভিনৱ থিয়েটাৰৰ সচিব দয়াল কৃষ্ণ নাথে জনায় যে, এই নাট মহোৎসৱত ভাৰতৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাট মঞ্চস্থ কৰিব ৷ গাঁৱৰ পৰিৱেশত প্ৰছেনিয়াম মঞ্চত প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা প্ৰদৰ্শন কৰা হ’ব দুখনকৈ নাট ৷এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ২৮ অক্টোবৰৰ সন্ধিয়া কলকাতাৰ দক্ষিণেশ্বৰ সংকেট নাট্যদলে প্ৰিয়াংকু ৰয়ৰ পৰিচালনাৰ বঙালী ভাষাৰ নাট ‘ৰুপাই চাজু কথা’ আৰু অভিনৱ থিয়েটাৰৰ দ্বাৰা দয়াল কৃষ্ণ নাথৰ পৰিচালনাত হিন্দী নাট ‘কৰৱা সচ্’ মঞ্চস্থ কৰা হ’ব ৷২৯ অক্টোবৰৰ সন্ধিয়া পশ্চিমবংগৰ শ্ৰীয়ামপুৰ তপস্য গোষ্ঠীয়ে লুম্বিনী কুণ্ডুৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘বিৰোহিনী’, উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শান্তি কালচাৰেল ফাউণ্ডেশ্যনৰ দ্বাৰা জয় ভাৰতীৰ পৰিচালনাত হিন্দী নাট ‘চলিলকুইষ্ট’ ৷ তদুপৰি ধেমাজি জিলাৰ গোগামুখৰ দৌমৰ নাট্যগোষ্ঠীৰ দ্বাৰা প্ৰবীণ দলেৰ পৰিচালনাত মিচিং ভাষাৰ নাট ‘মৰৌ’ মঞ্চস্থ কৰা হ’ব ৷ইয়াৰ পাচত ৩০অক্টোবৰৰ সন্ধিয়া বিহপুৰীয়াৰ ৰুদ্ৰাক্ষ নাট্যগোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কাকতিৰ পৰিচালনাত অসমীয়া ভাষাৰ নাট ‘ঈশ্বৰৰ সন্ধানত’ আৰু আগৰতলাৰ কলাভূমিৰ দ্বাৰা বিদ্যুত জিৎ চক্ৰৱতীৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘অন্তৰ্দহন’ মঞ্চস্থ কৰা হ’ব ৷৩১ অক্টোবৰৰ সন্ধিয়া পশ্চিমবংগৰ গোবৰদাংগা মৃদংগমৰ দ্বাৰা কুশল ডেকাৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘ছায়াকৃত’ আৰু বিহাৰৰ বেগুচৰাইৰ আর্শীবাদ ৰংমণ্ডলৰ দ্বাৰা অমৃত ৰৌচনৰ পৰিচালনাত হিন্দী নাটক ‘কথাকৰজ’ মঞ্চস্থ কৰা হ’ব ৷উক্ত সংবাদমেলত বিহাৰৰ বেগুচৰাইৰ নাট পৰিচালক তথা মধ্য প্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক ৰবি বার্মা উপস্থিত থাকি এই নাট মহোৎসৱৰ সফলতাৰ বাবে ৰাইজৰ পৰা সহায়-সহযোগিতাৰ আশা প্ৰকাশ কৰে ৷ অসমৰ এই নাটৰ উপযোগী পৰিৱেশ দেখি তেওঁ আপ্লুত হোৱা বুলিও মনোভাৱ ব্যক্ত কৰে ।উল্লেখ্য যে, নাট উপভোগৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পত্ৰৰ বাবে 7002728394 নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় অভিনৱ থিয়েটাৰৰ সম্পাদক দয়াল কৃষ্ণ নাথে ৷
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls