৩৫ দিনত ভাৰতবৰ্ষ ভ্ৰমিলে দেৱল নাথে

0 233

বাইকেৰে ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰি চৰ্চালৈ আহিছে দেৱল কুমাৰ নাথ নামৰ ব্যক্তিজন।ব্যক্তিজনে মাত্ৰ ৩৫ দিনত সমগ্ৰ ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰি অসম পৰ্যটন আৰু সংস্কৃতিৰ সম্পৰ্কে দেশজুৰি প্ৰচাৰ চলালে।দুঃসাহসিক ক্ৰীড়াৰ লগত জৰিত নাথে ১২ হাজাৰ কিলো মিটাৰ পথ অতিক্ৰম কৰি আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছতেই অগণন গুণমুগ্ধই সম্ভাষণ জনায়।উল্লেখযোগ্য যে তেখেতে যোৱা ৬ মাৰ্চত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।আজি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেখেতৰ যাত্ৰা সম্পৰ্কে কৰা অনুভৱ এনেদৰে ব্যক্ত কৰে-পূৰ্বেও এনেদৰে বাইক ৰাইডিংত বহুবাৰ গৈছো।অৱশ্যে এইবাৰ সৰ্বোচ্চ দুৰত্ব অতিক্ৰম কৰিলো।ভ্ৰমণৰ সময়চোৱাত দেশৰ পথৰ আন্তঃগাঁথনি যথেষ্ট উন্নয়ন হোৱা পৰিলক্ষিত হ’ল।স্মৰ্তব্য যে নিচেই কম দিনৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰা দেৱল কুমাৰ নাথ প্ৰথমজন বাইক ৰাইডাৰ।

Leave A Reply

Your email address will not be published.