৫০ উৰ্দ্ধৰ বয়সৰ ক’ভিড ৰোগীৰ চিকিৎসা ক’ভিড কেয়াৰ চেণ্টাৰত কৰাটো বাধ্যতামূলক- মুখ্যমন্ত্ৰী

0 204

মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ হাস্পতালখনৰ ক’ভিড ব্যৱস্থাপনাৰ বিষয়ে বিতং বুজ লয়। চিকিৎসা মহাবিদ্যালয়খনৰ সভা কক্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত যাতে দিনে-নিশাই ক’ভিড ৰোগীসকলক প্রয়োজনীয় চিকিৎসা আগবঢ়োৱা হয় সেই দিশত সকলো পদক্ষেপ ল’বলৈ তেওঁ নিৰ্দেশ দিয়ে।যদি গভীৰ নিশাও কোনোৰোগী হাস্পতালখনলৈ চিকিৎসাৰ বাবে আহে তেতিয়াও তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা আগবঢ়োৱাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। কৰ্তব্যৰত চিকিৎসকসকলে যাতে ক’ভিড ৰোগীসকলক নিয়মিত নিৰীক্ষণ কৰি প্রয়োজনীয় পদক্ষেপ লয় সেই দিশত যথোচিত পদক্ষেপ ল’বলৈও তেওঁ নিৰ্দেশ দিয়ে। ক’ভিড ৰোগীসকলৰ বাবে টেলিমেডিচিন ব্যৱস্থাটো আৰু অধিক শক্তিশালীকৰণৰ বাবেও মুখ্যন্ত্ৰীয়েও নিৰ্দেশ দিয়ে। আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে হোম কুৱাৰেন্টাইনত থকা দুখীয়া ক’ভিড ৰোগীসকলক বিনামূলীয়াকৈ পালচ অক্সিমিটাৰ যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। ক’ভিড ৰোগীসকলক যাতে শীঘ্ৰে ক’ভিড কেয়াৰ চেন্টাৰ অথবা ক’ভিড হাস্পতাললৈ আনিব পৰা যায় তাৰ বাবে অতিৰিক্ত ১০০ খন এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈও তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।
আজিৰ এই পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে।
ইয়াৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত প্ৰতিদিনে ১ লাখ ক’ভিড টেষ্ট কৰাৰ প্রচেষ্টা চৰকাৰে অব্যাহত ৰাখিছে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্রতিদিনে বিষয়াসকলৰ সৈতে ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। অহা ১৭ মে’ৰ পৰা গুৱাহাটী মহানগৰীত প্রতিদিনে ২০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অহা ১৭ মে’ৰ পৰা ৫০ বছৰৰ উৰ্ধৰ লোক ক’ভিড ৰোগত আক্ৰান্ত হ’লে আৰু তেখেতৰ নিজৰ গৃহত সুকীয়া শৌচালয় সংলগ্ন পৃথক কোঠা যদি নাথাকে তেতিয়া হ’লে ক’ভিড কেয়াৰ চেন্টাৰ অথবা ক’ভিড হাস্পতাললৈ স্থানান্তৰিত কৰাটো বাধ্যতামূলক হ’ব বুলিও তেওঁ কয়।
ৰাজ্যখনৰ চাহ বাগিচাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে নতুন এছ অ’ পি‌ এখন কাইলৈ স্বাস্থ্য বিভাগে প্রকাশ কৰিব। আনহাতে কণ্টেইনমেন্টজ’নত থকা দুখীয়া ৰোগীসকলক এককালীন সাহায্য হিচাপে ২০০০ টকাৰ খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সকাহ প্রদানৰ পদক্ষেপ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনৰ কাৰ পাৰ্কিঙত ২০০ আই চি ইউ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে আৰু কালাপাহাৰত ২৪ টা আই চি ইউ নিৰ্মাণৰ কাম চলি আছে। তদুপৰি সৰুসজাইত ৩০০ খন বিচনা যুক্ত ক’ভিড হাস্পতাল নিৰ্মাণৰ বাবে ডি আৰ ডি অ’ৰ সৈতে ইতিমধ্যে বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইতিমধ্যে ইয়াৰ বাবদ ১৯ কোটি টকা মোকলাই দিয়া হৈছে বুলিও তেওঁ কয়। ইয়াৰে ১০০ খন আই চি ইউ আৰু ২০০ খন অক্সিজেন যুক্ত বিচনা নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডাউনটাউনৰ বোন্দা কেম্পাছত আৰু এখন হাস্পতাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ হাতত ৰেমডেচিভিৰ বেজি তথা প্রয়োজনীয় অক্সিজেন মজুত আছে। ভেকচিনেশ্যনৰ ক্ষেত্ৰত বৰ্তমানে ৰাজ্যখনৰ ২৭ লাখ ৫৬ হাজাৰ ৭৯০ জন বাক্তিক ভেকচিন প্রদান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। বৰ্তমানে ও লাখ ৭০ হাজাৰ ভেকচিন ৰাজ্য চৰকাৰৰ হাতত মজুত আছে। বৰ্তমানে বিভিন্ন মন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ক’ভিড পৰিস্থিতি অৰ্হনিশে নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিৰন্তৰভাৱে এই পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলিও তেওঁ কয়।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাৰ পাৰ্কিঙত বৰ্তমানে নিৰ্মাণ কৰি থকা ২০০ খন আই চি ইউ বিছনাযুক্ত হাস্পতাল নিৰ্মাণৰ কাম-কাজ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে সম্প্ৰতি ক’ভিডত আক্ৰান্ত হৈ থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰো স্বাস্থ্যৰ বুজ লয়।

Leave A Reply

Your email address will not be published.