ৰঙিয়াত ভোগালী মেলা উদ্বোধন

0 168

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু ৰঙিয়া পৌৰসভাৰ উদ্যোগত ৰঙিয়া চাৰি নম্বৰ ৱাৰ্ডত আমাৰ বজাৰ শীর্ষক এক ভোগালী মেলাৰ উদ্বোধন কৰা হয়।উদ্বোধন কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাই। অনুষ্ঠানত ৰঙিয়া পৌৰসভাৰ সভাপতি অমৰেন্দ্ৰ লহকৰ, ৰঙিয়াৰ মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশ সহ অন্যান্য বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকে।মেলাত আত্মসহায়ক গোট সমূহে চৰকাৰী অৰ্থ সাহাৰ্যৰে নিজ হাতেৰে বনোৱা লাৰু পীঠা সহ বিভিন্ন খাদ্য সামগ্রীৰ বিপনীৰ জৰিয়তে খাদ্য সামগ্রী বিক্ৰীৰ ব্যবস্থা কৰিছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.