ৰঙিয়া বালিসত্ৰ সবাহ মহোৎসৱৰ লাইখুটা স্থাপন

0 166

নামনি অসমৰ অন্যতম ধর্মীয় পীঠস্থান কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰ সংসঙ্গী সত্ৰৰ পাঁচশ বছৰীয়া ৰাজহুৱা সবাহ মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে শৰৎ কলিতাই। আচার্য সন্তভূষণ দেৱৰ বাৰ্ষিক শ্রাদ্ধ উপলক্ষে প্রতিবছৰে মাঘ মাহৰ ভৈমী একাদশী তিথিত অনুষ্ঠিত কৰি অহা এই ৰাজহুৱা সবাহ মহোৎসৱ এইবেলি ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত
শৰৎ কলিতাই কয় যে, বালিসত্ৰত একেলগে প্রজ্বলন কৰা লক্ষ লক্ষ আৰিয়া সন্দৰ্ভত গৱেষণাৰ থল আছে। বালিসত্ৰবাসীৰ লগতে বৃহত্তৰ দক্ষিণ ৰঙিয়াৰ ৰাইজে অনুষ্ঠিত কৰি অহা ঐতিহাসিক বালিসত্র সৎসংগী সত্ৰৰ ৰাজহুৱা সবাহ মহোৎসৱে বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত বালিসত্র সংসংগী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰনাথ গোস্বামী, কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাস সহ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই ।

Leave A Reply

Your email address will not be published.