ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

0 242

গুৱাহাটী আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এখন কেৰিয়াৰ সজাগতা সভা ২৯ ডিচেম্বৰত অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনবস্ক’বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলো উপস্থিত থকা সভাখন শুভাৰম্ভণি কৰে বিদ্যালয়ৰ অধ্যক্ষ ইভা দেৱীয়ে । ড° বুঢ়াগোহাঁয়ে উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি আৰু তাৰ পৰৱৰ্তী পয্যায়ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে যে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰিব,সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়ায়। ড° বুঢ়াগোহাঁয়ে সভাখনত অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে,লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোন যোগে আগবঢ়োৱা তেওঁৰ বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।

Leave A Reply

Your email address will not be published.