ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 170

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সেই অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ ৪৪ লাখ লোকৰ ঘৰত স্থাপন কৰা হ’ব স্মাৰ্ট মিটাৰ ৷ এই স্মাৰ্ট মিটাৰ সংস্থাপনৰ কামত নিয়োজিত হ’ব প্ৰায় পাঁচ হাজাৰ নিবনুৱা৷

আনহাতে মিছন বসুন্ধৰা আবেদনৰ ক্ষেত্ৰত কেবিনেটে আবেদনৰ সময়সীমা ১০ জানুৱাৰীৰ পৰিৰ্ৱতে ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰে ৷ ৰাজ্যিক কেবিনেট অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কেবাটাও সুদুৰ প্ৰসাৰী সিদ্ধান্ত লয় ৷

গুৱাহাটীৰ পাঁচ তীৰ্থস্থানক পোনপটীয়াকৈ সংযোগ কৰি আৰম্ভ কৰা হ’ব ৰিভাৰ ক্ৰুজ সেৱা ৷এই সেৱাই সামৰি ল’ব কামাখ্যা দেৱালয়, অশ্বক্লান্তা ,উমানন্দ আৰু দৌল গোবিন্দ৷এই চাৰিটা তীৰ্থস্থানলৈ ভেৰী সেৱা নিয়মীয়া কৰাৰ সিদ্ধান্ত লয় কেবিনেটে৷ কেবিনেট বৈঠকৰ অন্তত চৰকাৰৰ সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

Leave A Reply

Your email address will not be published.