গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী হাইস্কুল খেলপথাৰত অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ নৱম সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেচন কাপ অনুষ্ঠিত হ’ব। সেই উপলক্ষে ৭ ডিচেম্বৰত ৰাণী হাইস্কুল খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে দেশৰ প্ৰায় ২১ খন ৰাজ্যৰ থাই বক্সিং খেলুৱৈৰ লগতে প্রশিক্ষক, থাই বক্সিং ফেডাৰেচনৰ শীৰ্ষ বিষয়ববীয়া সকল প্রতিযোগিতাখনত উপস্থিত থাকিব। আনহাতে ৭ ডিচেম্বৰত বহু সংখ্যক ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে প্ৰতিযোগিতাৰ আদৰণি সমিতিৰ সভাপতি ৰবীন দৈমাৰীয়ে আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগন্তুক প্ৰতিযোগিতাখন যাতে সফল ভাবে সম্পন্ন হয় তাৰ কামনা কৰে। আনহাতে অনুষ্ঠানত সমিতিৰ উপদেষ্টা অপূৰ্ব গোস্বামী, কাৰ্যকৰী সভাপতি মনোৰঞ্জন দাস বড়ো, সম্পাদকদ্বয় হিতেশ্বৰ ৰাভা আৰু অভিজিৎ গোস্বামীকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls