গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ৰাণী হাইস্কুল খেল পথাৰত অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া সংঘ ৰাণী আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত দশম বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগীতা খনৰ আজি উদ্বোধনী খেল খন অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগীতাখনিৰ লগত সংগতি ৰাখি প্ৰথমে ক্ৰীড়া সংঘৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰে ৰাণী ক্ৰীড়া সংঘৰ সভাপতি মহেন্দ্ৰ শৰ্মাই তাৰ পিছতেই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে চকৰ্দৈ এফচি আৰু জামবাৰী এফচিৰ মাজত হোৱা উদ্বোধনী খেলখন উদ্বোধন কৰে। ৰাণী আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগীতাখনিৰ উদ্বোধনী অনুষ্ঠানত ৰেফাৰী সন্থাৰ সভাপতি যতিন দাস, সম্পাদক ৰাঠন ঠাকুৰীয়া, তিনিআলি সন্মিলিত সংঘৰ নৰেশ্বৰ দাস, ৰূপকোৱৰ কলা পৰিষদৰ সভাপতি হেৰাম্ব চৌধুৰী, সমাজসেৱক অপূৰ্ব গোস্বামী, মনোৰঞ্জন দাস বড়ো, সুভাষ দাস, দ্বিজেন দাস, ক্ৰীড়া সংঘৰ সম্পাদক দ্বিপজ্যোতি কছাৰী লগতে ৰাণীৰ বিশিষ্ট লোক সকল তথা বহু সংখ্যক ফুটবল প্ৰেমী ৰাইজ উপস্থিত থাকে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই