ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ অসম আগমণ-খানাপাৰা খেলপথাৰত চাৰিখনকৈ হেলিপেড নিৰ্মাণ কৰিলে লোকনির্মাণ পথ বিভাগে

0 272

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ তিনিদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে ২৫ ফেব্ৰুৱাৰীত পুৱা নতুন দিল্লীৰ পৰা গুৱাহাটীত আহি উপস্থিত হব । আনহাতে ৰাষ্ট্ৰপতিৰ অসম আগমণ উপলক্ষে ৰাজ্য চৰকাৰে তেওঁৰ ভ্ৰমণত যাতে অকণো ক্ৰুটি নাথাকে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ৯ মাহ পূৰ্বে শাসনলৈ অহাৰ পাছত প্ৰথম বাৰৰ বাবে অসমলৈ আহিব ৰামনাথ কবিন্দ । যাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে আগভাগ লৈ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ যাতে সাৰ্থক হয় তাৰ বাবে দায়িত্ববাহী মন্ত্ৰী , বিষয়া , অভিযন্তা সকলৰ সৈতে অহৰহ পৰ্যালোচনা অব্যাহত ৰাখিছে । জানিব পৰা মতে ৰাষ্ট্ৰপতি গৰাকী ২৫ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাৰ ভিতৰত বৰঝাৰ বিমান বন্দৰ আহি পাব । তাৰ পাছত পোনে পোনে শক্তিপীঠ কামাখ্যা মন্দিৰলৈ যাত্ৰা কৰিব । কামাখ্যা মন্দিৰৰ পৰা কইনাধৰাত থকা চৰকাৰী অতিথিশালাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কিছু সময় জিৰণী লৈ শংকৰদেৱ কলাক্ষেত্ৰত এটা অনুষ্ঠানত ভাগ লব । তাৰ পৰা কইনাধৰাত থকা চৰকাৰী অতিথিশালাত নিশাটো কটোৱাৰ পাছত ২৬ ফেব্ৰুৱাৰীত পুৱা খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা বায়ু সেনাৰ হেলিকাপ্তাৰৰে তেজপুৰ বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানত ভাগ লোৱাৰ বাবে উৰা মাৰিব । আনহাতে ৰাষ্ট্ৰপতিৰ হেলিকাপ্তাৰ যাত্ৰা উপলক্ষে খানাপাৰা খেলপথাৰত অসম চৰকাৰৰ লোকনির্মাণ বিভাগে যোৱা দুদিনত দিনে নিশাই কাম কৰি নিৰ্মাণ কৰিছে চাৰিখনকৈ হেলিপেড । আনকি যোৱা নিশা লোকনির্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্ৰৰায়ৰ নেতৃত্বত লোকনির্মাণ পথ বিভাগৰ গুৱাহাটী চক্ৰ আৰু দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ এটা অভিযন্তাৰ দলে হেলিপেড নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে । যঁত গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা দিলীপ শৰ্মা , দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা , সহকাৰী কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ কলিতা , সহকাৰী অভিযন্তাদ্বয় দেৱজিৎ হাজৰিকা আৰু ৰাকেশ দাস , কনিষ্ঠ অভিযন্তাদ্বয় ইনামূল হুছেইন আৰু বিনয় তালুকদাৰৰ উপৰি কেবাজনো ক্ষেত্ৰ সহায়কে পুৱতি নিশালৈ কাম কৰিব লগা হয় । আনহাতে আজি দিনৰ ভাগত ভাৰতীয় বায়ু সেনাৰ কেবাখনো হেলিকাপ্তাৰে নৱনির্মিত হেলিপেডত উৰণ আৰু অৱতৰণৰ আখৰা সম্পন্ন কৰে। অৱশ্যে হেলিপেড নিৰ্মাণ কৰাৰ ফলত বহুদিনলৈ যে খেলপথাৰত কোনো ধৰণৰ ক্ৰীড়াৰ অনুশীলন বা খেলা – ধূলা কৰিব নোৱাৰিব সেইটো নিশ্চিত!

Leave A Reply

Your email address will not be published.