ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰতবৰ্ষতে যোৱা ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত গুৱাহাটী মহানগৰৰ বিস্তৃত এলেকা ৰুক্মিণীগাওঁ, ছয়মাইল, উলুবাৰী, ভঙাগড়, গণেশগুৰি, দিশপুৰ আৰু পল্টন বজাৰৰ এলেকাত ত্ৰিশতাধিক স্বেচ্ছাসেৱক-সেৱিকা, এন চি চি কেডেট আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকসকলে হাতে-হাতে বেনাৰ, প্ৰচাৰ পুষ্ঠিকা আদি লৈ পথচাৰীসকলক , যান-বাহনৰ চালক, পৰিচালক, যাত্ৰী লগতে ৰিক্সাযালক, অট’চালক সকলোকে যান-বাহন আইনৰ সুৰক্ষা, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, নিয়ন্ত্ৰণ গতিত যান-বাহন চলোৱা, ট্ৰেফিক চিগনেল মানি চলা, দুচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে চিটবেল ব্যৱহাৰ কৰা, চালকে মাদকদ্ৰৱ্য ব্যৱহাৰ কৰি গাড়ী নচলোৱা,যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন পথ সুৰক্ষাৰ বিষয়ক সচেতনতা সৃষ্টিৰ বাবে আহ্বান জনায় । পথ সুৰক্ষাই জীৱন সুৰক্ষা,যান-বাহনৰ অনিয়ন্ত্ৰিত গতি পৰিহাৰ আদি নীতি সাৰোগত কৰি এখন দূৰ্ঘটনা মুক্ত ৰাজ্য গঢ়াৰ বাবে আহ্বান জনায় ।এই কাৰ্যসূচীৰ লগতে আৰু বহুতো বিস্তৃত কাৰ্যসূচী অহা ১৭ জানুৱাৰীলৈ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হ’ব আৰু ইয়াত সকলো শ্ৰেণীৰ জনসাধাৰণক সহযোগিতা আগবঢ়োৱাৰ বাবে নেহেৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য আৰু গাণনিক আৰু কাৰ্যসূচী পৰিদৰ্শক জীৱন চন্দ্ৰ দলে আহ্বান জনায় ৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা