ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ অক্টোবৰত ৰাজ্যখনত ৩,৫০০টা স্থানত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব।আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন সন্দৰ্ভত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়।উল্লেখ্য যে মহান স্বাধীনতা সংগ্ৰামী,দেশৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী তথা প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়।মুখ্যমন্ত্ৰী শৰ্মাই কয় হে প্ৰতিখন জিলাৰ ১০০ টা স্থানত একতা দৌৰৰ আয়োজনেৰে সমগ্ৰ অসমত মুঠ ৩,৫০০ টা স্থানত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব।জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক জড়িত কৰি এই একতা দৌৰৰ আয়োজন কৰিব। মুখ্যমন্ত্ৰীয়ে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত সেইদিনা পুৱা ১০.৩০ বজাত ৰাষ্ট্ৰীয় একতাৰ বাবে প্ৰতিজ্ঞা গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যিক আৰক্ষী বাহিনীক প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে কুচকাৱাজ উলিয়াবলৈও নিৰ্দেশ দিয়ে।সকলো জিলাতে এই কাৰ্যসূচী যাতে সফলভাবে ৰূপায়ন হয় সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বিতং আলোচনা কৰি যাবতীয় পদক্ষেপ ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে।আজিৰ এই অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পিযূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা,মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান