ৰক্তদান মহৎ দান – এই কথাক সাৰোগত কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSS গোটৰ উদ্যোগত লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ সহযোগত যোৱা ১৬ মাৰ্চ তাৰিখে ছাত্ৰ কল্যাণ সঞ্চালক কাৰ্যালয়ত এক বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। শিবিৰটোত প্ৰায় ৩০ ৰো অধিক স্বেচ্ছাসেৱকে ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে। ক’ভিড মহামাৰীৰ সময়ছোৱাৰ লগতে তাৰ পৰৱৰ্তী সময়তো এগৰাকী ৰোগীৰ বাবে তেজৰ অপৰিসীম গুৰুত্বৰ কথা উপলব্ধি কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ গোটে এনে বিভিন্ন সমাজ হিতৈষী পদক্ষেপ গ্ৰহণ কৰি আহিছে। অনুষ্ঠিত হৈ যোৱা ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰি ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কাকতিয়ে সমাজৰ প্ৰতি থকা ছাত্ৰ- ছাত্ৰীৰ দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয় এন এছ এছ গোটৰ কাৰ্যবাহী বিষয়া ড° ৰিতুপৰ্ণ বৰাই উপস্থিত আটাইকে আদৰণি জনোৱাৰ লগতে ৰক্তদানৰ উপকাৰিতা বিষয়ে অৱগত কৰে। ৰক্তদাতাক কেনেকে উৎসাহ আৰু প্ৰেৰণা যোগাব পাৰি সেই বিষয়েও বক্তব্য প্ৰদান কৰে। এই শিবিৰৰ আয়োজক মণ্ডলীৰ লগতে ৰক্তদাতা ছাত্ৰ- ছাত্ৰী সকললৈ এই মহান দানৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈ তথা পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। বিয়লি ৩ বজাত অন্ত পৰা ৰক্তদান শিবিৰ দিনযোৰা কাৰ্যসূচীৰে সুকলমে অনুষ্ঠিত হৈ যায়।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান