ৰূপকোঁৱৰক স্মৰণ কৰি..

0 222

অসমীয়া ভাষা,সাহিত্য, নাট্যজগত তথা বোলছবি জগতলৈ অৱদান আগবঢ়োৱা অন্যতম পুৰোধা ব্যক্তি হ’ল জ্যোতিপ্ৰসাদ আগৰৱালা।তেখেতে ১৯৩৫ চনতে প্ৰথম অসমীয়া চলচিত্ৰৰ জয়মতী নিৰ্মাণ কৰিছিল।সেয়ে আগৰৱালাক অসমীয়া চলচিত্ৰৰ জনক বুলি কোৱা হয়।ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় ৩০০ গীত ৰচনা কৰি নিজে সুৰ দিছিল।সেই গীত সমূহক জ্যোতিসংগীত হিচাপে জনা যায়। লগতে গল্প,কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে।এই গৰাকী মহামনিষীৰ মৃত্যু তিথি দিনা এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে সুঁৱৰিছো।

Leave A Reply

Your email address will not be published.