বিহু প্ৰশিক্ষণত ব্যস্ত এগৰাকী মহিলা শিল্পী

0 452

বিহুৰ সকলো লোকবাদ্য বজাব জনা মহিলাগৰাকী মৰিয়নিৰ এগৰাকী মহিলা কান্ধত ঢোল লৈ বিহুলৈ সাজু হৈছে। এগৰাকী বিহু নাচৰ প্ৰশিক্ষক ৰূপে খ্যাতি থকা কৰবী দলে গগৈ নামৰ মহিলা গৰাকীয়ে বিহুৰ লগত জড়িত ঢোল, পেপা, গগনা, সুতুলি, বাঁহীকে ধৰি প্ৰতিটো লোকবাদ্য বজাব জানে। ৮০ দশকৰ পৰা কৰবী গগৈ দলে  বিহুৰ সৈতে জৰিত হৈ আছে ।বিহু নাচৰ বিচাৰক ৰূপেও  কৰবী দলে গগৈৰ এক পৰিচয় আছে। অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাৰ বিহু নাচৰ গুৰু এই গৰাকী কৰবী দলে। ১৯৮৯ চনত তিতাবৰৰ খেলমাটিত কৰবী গগৈয়ে শ্ৰেষ্ঠ পেপা বাদক আৰু গগনা বাদকৰ সন্মান লাভ কৰিছিল। অসমীয়া লোক বাদ্য খোল, নেগেৰাও বজাব জানে এই গৰাকী মহিলা শিল্পীয়ে। বৰ্তমান শিল্পী গৰাকী যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়োৱাত ব্যস্ত হৈ আছে।খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে ..  

Leave A Reply

Your email address will not be published.