ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক স্মৰণ কৰি

0 410

ফুলতো কুমলীয়া, শিলতো কঠোৰ মোৰ

তপ্ত হৃদযন্ত্ৰ, ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে

এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ।


ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱে কৈ যোৱা কথাষাৰৰ আজিৰ দিনত খুবেই প্ৰাসংগিকতা আছে। আজি শিল্পী দিৱস। ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৬৬ সংখ্যক স্মৃতি দিৱস। সমগ্ৰ ৰাজ্যৰ অনুষ্ঠান –প্ৰতিষ্ঠানে আজি শিল্পীগৰাকীক স্মৰণ কৰি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ  কৰাৰ বাতৰি আমালৈ আহিছে। তাৰ ভিতৰত কেন্দ্ৰীয়ভাৱে সদৌ অসম ছাত্ৰ সন্থাই  ডিব্ৰুগড জিলাৰ বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন  কৰা শিল্পী দিৱস অন্যতম। উল্লেখযোগ্য যে আছুৰ উদ্যোগত জ্যোতি প্ৰসাদ  আগৰৱালা দেৱৰ গ্ৰন্থত সন্নিবিষ্ট থকা ফুলৰ  সমূহৰ উদ্যোন স্থাপন  কৰা হয়। ইয়াৰ উপৰিও ৰূপকো্ঁৱৰৰ তামোলবাৰীৰ ঘৰৰ আৰ্হিত অতিথি গৃহ নিৰ্মাণ তথা  আগৰৱালাদেৱে স্কেচ অংকন  কৰা বিশ্ববিদ্যালয়ৰ আৰ্হিত প্ৰতীক ৰূপে আদৰণি তোৰণ নিৰ্মিত কৰা পৰিলক্ষিত হয়। এনে পদক্ষেপে নৱ প্ৰজন্মৰ মাজত শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰা প্ৰয়াসৰ বাবে ভাল খবৰ হিচাপে বিবেচিত হৈছে। আনহাতে তেজপুৰৰ গহপুৰত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা অনুষ্ঠানত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা দেখা গ’ল। তাৰ ভিতৰত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ  কলঘৰ সংৰক্ষণ য’ত  জয়মতী কথাছবি নিৰ্মাণ হৈছিল ’কৰা সিদ্ধান্ত, এই বৰ্ষৰ পৰা শোণিত কোঁৱৰ গজেন  বৰুৱা বঁটা প্ৰদান, ঐতিহাসিক গহপুৰ থানা সংৰক্ষণৰ সিদ্ধান্ত তথা তেজপুৰ বিশ্ববিদ্যালয়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ সকলো লিখনী ডিজিটেল পদ্ধতি ঊপলব্ধ কৰা ঘোষণাই আজিৰ দিনটোৰ ভাল খবৰ হিচাপে সংবাদ শীৰ্ষ দখল কৰিবলৈ সক্ষম হৈছে।প্ৰিয় পাঠক, এনে ধৰণৰ খবৰে আনন্দিত কৰে নহ্য় নে? এইখিনিতে আপোনাক পুনৰ জনাও, আমি ভাল খবৰৰ সহযাত্ৰী। সেয়ে চাবলৈ নাপাহৰিব www.nefocus.com .

DSCN0665

DSC_0104

IMG-20170117-WA0026

IMG-20170117-WA0018

 

Leave A Reply

Your email address will not be published.