পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে ৰাজ্যপাল প্ৰদত্ত এক আদেশ যোগে ৭ ছেপ্টেম্বৰত অসম ইলেট্ৰনিক্স দেৱলপমেণ্ট কৰ্পৰেচন লিমিটেড চমুকৈ এমট্ৰনৰ অধ্যক্ষ পদত নিযুক্তি দিছে । বিভাগৰ সচিব ৰুবি শৰ্মাই জাৰি কৰা আদেশটোত বিধায়ক কলিতাক কেবিনেট পদমৰ্যাদা প্ৰদান কৰাৰ লগতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি যাবলৈ কোৱা হৈছে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলতো এমট্ৰনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কিন্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিধি অনুসৰি নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই তেওঁ পদত্যাগ কৰিছিল । অৱশ্যে অধ্যক্ষ হৈ থকাৰ সময়ত তেওঁ তদানীন্তন বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সহযোগত এমট্ৰনৰ প্রশাসনিক আৰু বিত্তীয় দিশত বহুখিনি সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছিল ।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta