লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ কল্যান বিষয়া কাৰ্য্যালয়ৰ অন্তর্গত চাহ আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন বৰ্ডৰ সহযোগত মহকুমা কল্যান বিভাগৰ অধীনৰ চাহ বাগিচাৰ চৰ্দাৰ আৰু লাইন চকীদাৰ সকলৰ মাজত সোমবাৰে স্মাৰ্ট ফোন বিতৰণ কৰা হয়। সোমবাৰে বিয়লি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিতৰণ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি গুৰনেইল সিং , সহকাৰী আয়ুক্ত অভিজাত বৰুৱা , মহকুমা কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ,সহকাৰী আয়ুক্ত মাচি তপ্ন , চাহ বাগিচাৰ অধ্যক্ষ( টি জি টি) মেগনাথ কিস্কু আদি উপস্থিত থাকে। সভাতেই মহকুমাটোৰ একমাত্ৰ বাগান মধুপুৰ চাহ বাগিচাৰ মুঠ ১৫গৰাকী চাহ বাগিচা চৰ্দাৰ আৰু লাইন চকীদাৰক চৰকাৰী ভাবে স্মাৰ্ট ফোন বিতৰণ কৰা হয়। বিতৰণ অনুষ্ঠানত মধুপুৰ চাহ বাগানৰ চৰ্দাৰ সকলক চৰকাৰী ভাবে আৱন্তন দিয়া এনে স্মাৰ্ট ফোনৰ উপৰিও অনাগত সময়ত বাইচাইকেল প্ৰদানৰো আঁচনিৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। বাতৰি যুগুতালে অমৃত পৱন বৰাই ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা