মণিপুৰৰ The Tainted Mirror নামৰ চলচ্চিত্ৰখনে পঞ্চম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।ৰোমি মেইতে পৰিচালিত ছবিখনে শ্ৰেষ্ঠ চুটি ছবি (ফিকচন)-ৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয় বুলি মহোৎসৱৰ পৰিচালক উৎপল দত্তই জানিবলৈ দিয়ে।আনহাতে ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে ইয়াইখোম্বা নামৰ শিশু অভিনেতা গৰাকীলৈ শ্ৰেষ্ঠ শিশু শিল্পীৰ The Film Critics Circle of India Special Mention Award আগবঢ়োৱা হয়।ইংৰাজী ছবি Deliverance-ৰ বাবে Zachary Coffin –ক শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আগবঢ়োৱা হয় আৰু মাৰাঠি ছবি Bhet –এ অৰ্জন কৰে বিচাৰকৰ বিশেষ সন্মান।১০ আগষ্টৰ পৰা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত হোৱা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এইবাৰ অনলাইন অনুষ্ঠিত হৈছে। অহা এসপ্তাহৰ বাবে চলচ্চিত্ৰমৰ ৱেবছাইটত চাব পৰা যাব বুলি উৎপল দত্তই জানিবলৈ দিয়ে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন