শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী মহানগৰীবাসীৰ বাবে সুখবৰ।অত্যাধুনিক সা সুবিধা উপলব্ধ ক্ৰছফিট জীম আজি গুৱাহাটীৰ কৰ্মাচ কলেজৰ সমীপত মুকলি হয়।ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক ডক্টৰ সুভাষ বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে জীমটো মুকলি কৰে।অত্যাধুনিক জীমটো মুকলি উপলক্ষে সংবাদ মাধ্যমৰে মত বিনিময় কৰি শৰীৰচৰ্চা আৰু পুষ্টি বিশেষজ্ঞ পুলক বিশ্বাসে কয় যে পূব ভাৰতৰ এইটো হৈছে প্ৰথমখন ক্ৰছফিট স্বীকৃতিপ্ৰাপ্ত জীম।তেওঁ কয় আমাৰ দামত প্ৰতি গৰাকী সদস্যক গুৰুত্ব প্ৰদান কৰা হ’ব।প্ৰতিগৰাকী সদস্যৰ বিপৰীতে প্ৰশিক্ষকক নিযুক্ত কৰা হ’ব।আমাৰ লক্ষ্যই হৈছে যিকোনো বয়সৰ লোককে উপযুক্ত ফিটনেছ প্ৰদান কৰি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখা।উল্লেখযোগ্য যে ২৫০০ বৰ্গ ফুট আকাৰৰ জীমটো সম্পূৰ্ণৰূপে শীত তাপ নিয়ন্ত্ৰিত।পুৱা ৬ বজাৰ পৰা নিশা ৯বজালৈ জীমটো খোলা থাকিব।প্ৰতিগৰাকী সদস্যক জীমটো সদস্যসকলৰ সামগ্ৰীৰ সুৰক্ষাৰ বাবে ল’কাৰ ব্যৱস্থা উপলদ্ধ হ’ব।বিশ্বাসে সদৰী কৰা অনুসৰি ক্ৰছফিটত আৰ্থিকভাৱে দুৰ্বল ক্ৰীড়াবিদক বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ।প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শীঘ্ৰে গুৱাহাটীত ক্ৰছফিটে স্থাপন কৰিব আন্তজাৰ্তিক মানদণ্ডৰ এখন প্ৰফেচনেল একাডেমী।আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ সকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ জীম কৰা সুবিধা আৰু সাংবাদিকসকলৰ বাবে ৬০ শতাংশ ৰেহাইৰ সুবিধা আছে ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা