বি জে পিৰ গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত ৰাণীমণ্ডল মহিলা মৰ্চা আৰু আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ সহযোগত কেন্দ্ৰ চৌহদত ১১ আৰু ১২জানুৱাৰীত দুদিনীয়াকৈ ভোগালী মেলা অনুষ্ঠিত হয় । মেলাত বিভিন্ন প্ৰান্তৰ ১২ টা মহিলা আত্মসহায়ক গোটে ভাগ লৈ তেওঁলোকে প্রস্তুত কৰা সা-সামগ্ৰী সমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰে।১১ জানুৱাৰীত ভোগালী মেলাৰ শুভ উদ্ধোধন কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই। এই উপলক্ষে বি জে পি ৰ ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথে আঁত ধৰা অনুষ্ঠানত সাংসদ কুইন ওজাই এনে ধৰণৰ মেলা অনুষ্ঠিত কৰি মহিলা আত্মসহায়ক গোট সমূহক লাড়ু,পিঠা, সান্দহ ,চিৰাকে ধৰি ভোগালী বিহু উপলক্ষে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী আৰু প্ৰদৰ্শনৰ সুবিধা কৰি দিয়া বাবে উদ্যোক্তাত সকলৰ শলাগ লয় । অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্র,কামৰূপৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতা, বি জে পিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যদ্বয় ক প্রশান্ত মহন্ত আৰু অশোক কুমাৰ ভঁৰালী , গুৱাহাটী জিলা কমিটিৰ সম্পাদক বলেশ্বৰ ৰংপী,ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা আৰু ৰাণী মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী শিখা নাথ চৌধুৰী , প্ৰাক্তন সভানেত্ৰী গিৰিজা মেধীকে ধৰি কেবাজনো কৰ্মকর্তা , কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী মধুস্মিতা ডেকাকে ধৰি কেবাজনো বিষয় ববীয়া আৰু আত্মসহায়ক গোট সমূহৰ কৰ্মকর্তা সকল উপস্থিত থাকে ।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক