গোলাঘাটত সম্ভেদ পোৱা গৈছে ঐতিহাসিক যুগৰ এক প্ৰত্নতাত্ত্বিক সম্পদৰ। নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩০০ ৰ পৰা ৪০০ বছৰ পুৰণি এখনি নাও।গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত সম্ভেদ পোৱা গৈছে এই নাওখনৰ।ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনক অৱগত কৰে নাওখনৰ বিষয়ে।দেওবাৰে পুৱাই সেই স্থানত গোলাঘাট জিলা প্ৰশাসন, প্ৰত্নতাত্বিক বিভাগৰ লোক, এচডিআৰএফ বাহিনী আৰু বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।বৰ্তমান নাওখন উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও এচডিআৰএফ আৰু প্ৰত্নতাত্বিক বিভাগৰ লোকে অব্যাহত ৰাখিছে উদ্ধাৰৰ প্ৰচেষ্টা।অৱশ্যে নাওখনৰ এটি ভগ্নাৱশেষ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। নাওখন প্ৰায় ৫০ ফুট দৈৰ্ঘ্যৰ হ’ব বুলি অনুমান কৰা হৈছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram