গ্ৰীন এম্বেছাডৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে অৰণ্য মানৱক

0 223

সমগ্র বিশ্ব লগতে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানস্থিত ক্ষেত্রীয় মুখ্য কার্যালয়তো বিশ্ব পৰিৱেশ দিৱস উদযাপিত হয়৷এই দিৱসৰ লগত সংগতি ৰাখি অইলে গছ ৰোপণ কার্যসূচী হাতত লয়।ক্ষেত্রীয় মুখ্য কার্যালয়ৰ পৰা এই গছ ৰোপনৰ কাৰ্যসূচী শুভাৰম্ভণি হয়৷এই দিৱসৰ লগত সংগতি ৰাখি অইলে অৰণ্য মানৱ যাদৱ পায়েঙৰ সৈতে এঘণ্টীয়া এক ৱেবিনাৰ অনুষ্ঠিত কৰে৷এই বৈঠকতে অইলে সঞ্চালনমূলক কার্যকলাপত সেউজ পদক্ষেপসমূহৰ একত্রীকৰণত তেওঁৰ দিহা–পৰামর্শেৰে আগবঢ়াৰ উদ্দেশ্যে অৰণ্য মানৱ যাদৱ পায়েঙক অইলৰ গ্রীন এম্বেছাডৰ হিচাপে নিয়োগ কৰে।
উক্ত ৱেবিনাৰত অংশগ্রহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্র, সঞ্চালক (অপাৰেচনছ) পংকজ কুমাৰ গোস্বামী, আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতি আৰু কার্যবাহী সঞ্চালক সঞ্জয় কুমাৰ ৰায়।

Leave A Reply

Your email address will not be published.