খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ পৰ্যালোচনা অৰ্থে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা,জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত,অতিৰিক্ত উপায়ুক্ত সকল তথা চৰকাৰী শীৰ্ষ বিষয়া সকল উপস্থিত থকা এই সভাত উপায়ুক্তই অহা দুদিনৰ ভিতৰত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱা খানাপাৰাৰ খেলপথাৰত আৰক্ষী ,অৰ্ধসামৰিক বাহিনীৰ উপৰিও সংশ্লিষ্ট বিভাগ সমূহৰ কৰণীয় সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰাপত্তা ,অনাময় ব্যৱস্থা, চাফ- চিকুনতা ,খোৱাপানী যোগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা ,চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্ত গিৰাকীয়ে সকলো বিভাগকে আসোঁৱাহ নথকাকৈ কাম সমূহ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে ক’ভিড নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ক’ভিডৰ বাবেই কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা নহয়।আনহাতে, ক’ভিড পৰিপ্ৰেক্ষিতত এইবাৰ মুক্তি যুঁজাৰু সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ ঘৰতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল