যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে বিশ্বৰ বিভিন্ন দেশে ন ন ব্যৱস্থা হাতত লৈ আহিছে । ভাৰততো ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ২০১৮ চনত ‘END TB’ শীৰ্ষক সন্মিলনত অংশ লৈ এই বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ।ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনিও গ্ৰহণ কৰি আহিছে । ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত সময়ে সময়ে সজাগতামূলক অনুষ্ঠানৰো আয়োজন কৰা হয় । সোমবাৰে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং জিলাৰ ডিফুত এক সংবাদ কৰ্মশালা অনুষ্ঠিত কৰা হয় । ডিফুৰ যক্ষ্মা কেন্দ্ৰত ৰাজ্যিক ভিত্তিক এই ভাৰ্চুৱেল কৰ্মশালা অনুষ্ঠিত হয় ।গুৱাহাটীৰ পৰা কেইবাগৰাকীও শীৰ্ষ বিষয়াই সাংবাদিকসকলক ভাৰ্চুৱেল মাধ্যমেৰে প্ৰশিক্ষণ দিয়ে ৷ জিলা যক্ষ্মা বিষয়া ডাঃ গণেশ দেউৰীৰ উপস্থিতিত কেইবাগৰাকীও সাংবাদিকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে ৷গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা এই কৰ্মশালাৰ আৰম্ভণি কৰা হয় । ৰাজ্যিক যক্ষ্মা বিষয়া নয়নজ্যোতি দাসে যক্ষ্মা ৰোগ নিৰাময়ৰ সকলো দিশৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ ইয়াৰ উপৰিও বিষয়াগৰাকীয়ে যক্ষ্মা ৰোগ নিৰাময়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ বিশেষ ভূমিকাৰ বিষয়েও আলোকপাত কৰে । লগতে স্বাস্থ্যখণ্ডৰ একো একোটা ইতিবাচক বাতৰিয়ে সমাজত বিশেষ প্ৰভাৱ পেলায় বুলি তেওঁ মন্তব্য কৰে ।লগতে সাংবাদিক সকলে এনে বাতৰিৰ পৰিৱেশন কৰিলে মিডিয়া ফেল’শ্বিপ পোৱাৰো থল থাকে বুলি তেওঁ জানিবলৈ দিয়ে ৷ অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিটো চুবুৰীত যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা গঢ়ি তোলাত সংবাদ মাধ্যমক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ আহ্বান জনায় ৷কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিজন সাংবাদিকক জিলা যক্ষ্মা কাৰ্যলয়ৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ৷ এই ক্ষেত্ৰত সাংবাদিক সকলে নিজৰ দায়িত্ব পালন কৰি যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশা কৰিছে স্বাস্থ্য বিভাগে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন