দেশৰ স্বাধীনতাৰ আগন্তক ৭৫ বছৰীয়া বর্ষপূৰ্তি উপলক্ষে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগে যোৱা জুন মাহৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰি আহিছে “আজাদি কি অমৃত মহোৎসৱ । কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চমুকৈ পি এম জি এছ ওৱাই আঁচনিৰ সফল ৰূপায়ণৰ ওপৰত ভিত্তি কৰি পালন কৰি অহা এই কাৰ্যসূচীৰ অহা ১৪ আগষ্টত সামৰণি পৰিব। আনহাতে বিভাগৰ মহানগৰ চক্ৰৰ উদ্যোগত ৯ আগষ্টৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে “আজাদি কি অমৃত মহোৎসৱ। আজি এই উপলক্ষে মহানগৰ চক্ৰৰ অধীক্ষক ৰাতুল বেজৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা ভিত্তিত ফাঁচীবজাৰৰ জ্ঞানচৰ্চা ভৱনত গ্রাম্য পথ বিষয়ক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত আলোচক হিচাপে ভাগ লয় লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা অপৰূপ বৰুৱা , মুখ্য অভিযন্তা কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী , পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধীৰাজ শৰ্মা , দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলু ৰঞ্জন ডেকাই ভাগ লয় । আলোচক সকলে ২০০১ চনৰ পৰা দেশৰ গ্ৰাম্য অঞ্চলত পথ সংযোগ আৰু সুষম যাতায়ত ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা পি এম জি এছ ওৱাই সফলতাৰ ওপৰত আলোকপাত কৰে । আনহাতে আলোচনা চক্ৰৰ লগত সংগতি ৰাখি এক মত বিনিময় আৰু প্ৰশ্নোত্তৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram