চলিত বৰ্ষৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) ১৪ জন কেডেট আৰু ১০ জন সহযোগী এন চি চি বিষয়াক আজি অসমৰ ৰাজভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । ৰাজভৱনৰ সভাগৃহত এন চি চি কেডেট আৰু বিষয়াক সম্বৰ্ধনা জনাই অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে চমু ভাষণত দেশৰ অন্যতম সুসংগঠিত যুৱ শক্তি হিচাপে পৰিচিত এন চি চিয়ে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি সদৰি কৰি কেডেট সকলে যাতে নিজৰ অভিজ্ঞতাৰ সুপ্ৰয়োগ কৰি সামৰিক , অৰ্দ্ধ সামৰিক , আৰক্ষী বাহিনীত নিজৰ যোগ্যতা – দক্ষতাৰে ভৰ্ত্তি হৈ দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানত উপস্থিত থাকি এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমত এন চি চিৰ শেহতীয়া স্থিতিৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে । অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰ , ৪৭ ৰাইডিং এণ্ড ভেটেনাৰী এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল সশমীৰ ভাটনগৰকে ধৰি কেবাজনো সেনা বিষয়া , ৰাজ্যপালৰ প্ৰধান সচিব মিনাক্ষী সুন্দৰম , সচিব স্বপ্না দত্ত , উপ সচিব গীতাৰ্থ বৰুৱাকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে পূৰ্বতে অনুষ্ঠিত হবলগীয়া সম্বৰ্ধনা অনুষ্ঠানটো কেবামাহ পাছত অনুষ্ঠিত কৰিবলগীয়া হয়।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন