শোণিতপুৰৰ বালিপৰা চেন্টাৰত আজি সন্ধ্যা ৫:০০ বজাৰপৰা বালিপৰা শাখা সাহিত্য সভা আৰু বহুমুখী কলা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । অনুষ্ঠানৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, ভূপেনদাৰ জীৱন-দৰ্শন বিষয়ক বক্তৃতানুষ্ঠান, সমবেত সংগীত, ভূপেন্দ্ৰ সংগীত ,ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য ইত্যাদি অনুষ্ঠানৰ মাজেদি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।অনুষ্ঠানত বালিপৰা শাখা সাহিত্য সভাৰ সভাপতি নকুল কুৰ্মী, সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, জিলা কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি নাথ, সহকাৰী সম্পাদিকা নিৰলা ডেকা,বালিপৰা উন্নয়ন সমিতিৰ সম্পাদক হিৰোজ শইকীয়া, সমাজকৰ্মী মৃণাল শইকীয়া, ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০অশ্বিনী কুমাৰ ডেকা, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱজ্যোতি মেধি, চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্ত, বহুমুখী কলা কেন্দ্ৰৰ বিষয়ববীয়া হোমে দাস, কাৰ্তিক কোচ, ধৰ্ম দাসৰ লগতে ভালেমান যুৱ প্ৰজন্মৰ প্ৰতিনিধি, ৰাইজ, কণ কণ শিশু উপস্থিত থাকে ।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন