এজন বড়ো জাতিপ্ৰেমী সংস্কৃতিৰ পূজাৰী, ৰাজ্যৰ এজন দক্ষ এ চি এছ বিষয়া, বি টি চিৰ অৱসৰপ্ৰাপ্ত সচিব, সমাজহিতৈষী দীনেশ চন্দ্র বড়োৰ পবিত্র স্মৃতিত আজি গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত মহানগৰীৰ আহোমগাঁওস্থিত বাথৌফুৰী সমাজ-সাহিত্য সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূর্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয়। আৰম্ভণিতে প্ৰয়াত দীনেশ চন্দ্র বড়োৰ স্থিৰ চিত্রত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে তেখেতৰ পত্নী মীনু বড়োয়ে। ইয়াৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে। গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে লগতে উদ্দেশ্য বাখ্যা কৰে সভাৰ সম্পাদক গোলাপ বড়োই। নিৰ্মল সিং বড়ো সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনিল কুমাৰ বড়োই। সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক কমলা কান্ত মোছাহাৰী, উপ-সভাপতি ৰমেলা ইছলাৰী, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গণেশ ৱাৰী, “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মা, অৱসৰপ্ৰাপ্ত কমিচনাৰ জিতেন বৰগয়াৰী, সাহিত্যিক শৰৎ চন্দ্র বড়ো,অনিল বসুমতাৰী, গণেশ দৈমাৰী, বিনয় বসুমতাৰী, সদৌ বাথৌ সংগঠনৰ উপ-সভাপতি মহেশ্বৰ বসুমতাৰী, সহ: সম্পাদক ৰাতিৰাম বড়ো, গুৱাহাটী জিলা এবছুৰ অনজালু মুছাহাৰী, তিলক বড়ো প্ৰভৃতিয়ে ভাষণ দি দীনেশ চন্দ্র বড়োৰ বিশাল ব্যক্তিত্ব, কৰ্মৰাজীৰ লগতে বড়ো সাহিত্য সভাৰ প্ৰতি উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা