ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত ১৮ বছৰ উৰ্দ্ধৰ ছাত্র-ছাত্ৰী সকলৰ মাজত সম্যক ধাৰণা প্ৰদানৰ উদ্দেশ্যৰে আজি ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সজাগতা মূলক অনুষ্ঠানৰ আয়োজন কৰা হয় ।তেজপুৰৰ পৰা চাইকেল ৰেলী কৰি বাক্সা জিলাৰ তামুলপুৰ অভিমুখী সেনা বাহিনীৰ দল এটি উপস্থিত হৈ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।দলটোৱে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত ভাৰতীয় সেনা বাহিনীৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত মত বিনিময় কৰে ।ইয়াৰ সমান্তৰালভাবে ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত হৈ দেশ মাতৃৰ সেৱাত ব্ৰতী হোৱাৰ বাবে ছাত্র-ছাত্ৰী সকলক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে দলটোৱে প্ৰচেষ্টা চলাই ।ইফালে সেনা বাহিনীৰ দলটোক উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই ।সেনা বাহিনীৰ দলটোৱে ছাত্ৰ -ছাত্ৰী সকলক দেশ মাতৃৰ সেৱাত ব্ৰতী হ`বলৈ কৰা প্ৰয়াসৰ শলাগ লয় বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram