ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত ১৮ বছৰ উৰ্দ্ধৰ ছাত্র-ছাত্ৰী সকলৰ মাজত সম্যক ধাৰণা প্ৰদানৰ উদ্দেশ্যৰে আজি ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সজাগতা মূলক অনুষ্ঠানৰ আয়োজন কৰা হয় ।তেজপুৰৰ পৰা চাইকেল ৰেলী কৰি বাক্সা জিলাৰ তামুলপুৰ অভিমুখী সেনা বাহিনীৰ দল এটি উপস্থিত হৈ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।দলটোৱে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত ভাৰতীয় সেনা বাহিনীৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত মত বিনিময় কৰে ।ইয়াৰ সমান্তৰালভাবে ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত হৈ দেশ মাতৃৰ সেৱাত ব্ৰতী হোৱাৰ বাবে ছাত্র-ছাত্ৰী সকলক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে দলটোৱে প্ৰচেষ্টা চলাই ।ইফালে সেনা বাহিনীৰ দলটোক উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই ।সেনা বাহিনীৰ দলটোৱে ছাত্ৰ -ছাত্ৰী সকলক দেশ মাতৃৰ সেৱাত ব্ৰতী হ`বলৈ কৰা প্ৰয়াসৰ শলাগ লয় বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত