কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা মালিক, উদ্যোগ- প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি মহানগৰীৰ খানাপাৰা, হাতীগাও আৰু সিজুবাৰীৰ বৃহৎ অঞ্চলত ব্যাপক তালাচী অভিযান চলায় পৰিবহণ বিভাগে। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ কঠোৰ তত্বাবধানত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে চলোৱা পানী নসৰকা তালাচী আৰু কৰ সংগ্ৰহ অভিযানত থৰকাছুটি হেৰুওৱা ব্যক্তিগত মালিকানাধীন বাহনৰ লগতে বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা বিগত সময়ত ২০ কোটিতকৈ অধিক বকেয়া কৰ সংগ্ৰহ কৰাৰ পিছত অধিক কঠোৰ হৈ অভিযানত নামিছে মহানগৰ পৰিবহণ বিভাগৰ অভিযানকাৰী দল ৷ উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত এমভিআই কানাই মহন্ত, এনফৰ্চমেন্ট মৰমী পাঠক আৰু জেষ্ঠ সহায়ক জোনালী পাটোৱাৰীৰ উপস্থিতিত অভিযানকাৰী দলে চলোৱা অভিযানত ৪০খনৰো অধিক বিলাসী বাহনে দহ বছৰৰ কৰ পৰিশোধ নকৰাকৈ বিনাদ্বিধাই গাড়ী চলাই থকাৰ কথা ধৰা পৰাত বাহনৰ মালিক-কতৃপক্ষক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধৰ আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভতো সকিয়াই দিয়ে ৷ মহানগৰীৰ বৃহৎ অঞ্চলটোত অভিযানকাৰী দলে পৃথকে পৃথকে চলোৱা অতৰ্কিত অভিযানত বিভিন্ন বাহনে বীমা নোহোৱাকৈ যানবাহন চলাই থকাৰ গুৰুত্বৰ তথ্য ধৰা পৰাৰ লগতে বহু বাহনৰ প্ৰদূষণমুক্ত প্ৰমাণপত্ৰ নথকা আৰু বহু চালকৰ অনুজ্ঞাপত্ৰ নবিকৰন নকৰাৰ বিসঙ্গতি ধৰা পৰাত ই-চালান প্ৰেৰণ কৰাৰ লগতে জৰিমনা আদায় কৰা হয়। ইফালে ব্যক্তিগত বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ শীঘ্ৰে অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনাই ৫০ খনকৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰে। উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে সজাগতা অভিযান।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি