অচিৰেই কাজিৰঙালৈ আহিব বলিউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।উল্লেখযোগ্য যে ২০১৯ চনৰ জুলাই মাহৰ কাজিৰঙা বানপানী সময়ত জীৱ জন্তুয়ে সন্মুখীন হোৱা ভয়াবহ পৰিস্থিতি প্রত্যক্ষ কৰি মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অক্ষয় কুমাৰে আগবঢ়াইছিল এক কোটি টকা।সেই এক কোটি টকা অনুদানৰ জৰিয়তে কাজিৰঙা কৰ্তৃপক্ষই বানৰ পৰা জন্তুবোৰক উদ্ধাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল কেইবাটাও হাইলেণ্ড।তদুপৰি ডোনা চোৰাং চিকাৰী বিৰুদ্ধে শিবিৰ,কাৰাছিং চোৰাং চিকাৰী বিৰোধী শিবিৰ,পোটাহী আৰ্দ্ৰভূমি বান্দাৰডুবি ৰোড কাম হাইলেণ্ড আৰু ফ্ল’টিং কেম্প নিৰ্মাণ কৰি উলিয়াইছিল।এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই টুইটাৰযোগে শ্বেয়াৰ কৰিছিল।আৰু সেই শ্বেয়াৰ কৰা ফটো প্রত্যক্ষ কৰি অচিৰেই কাজিৰঙালৈ আহিব বুলি অক্ষয় কুমাৰে টুইট কৰিছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ