কাঁহিকুছিৰ এছ আই পি আৰডিত শিপিনীক হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

0 254

গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (এছ.আই.পি.আৰ ডি) চৌহদৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰই (ই.টি.চি) বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ মহিলা শিপিনী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। বিশেষকৈ মহিলা আত্মসহায়ক গোট সমূহৰ জৰিয়তে নিৰ্বাচিত মহিলা শিপিনী সকলক তেওঁলোকে যাতে নতুন নতুন কৌশল প্ৰয়োগ কৰি শেহতীয়া প্ৰযুক্তিৰ ডিজাইন তথা আৰ্হিৰে কম সময়, কম মূলধন, কম ঠাইত বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদন কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে ই টিচিয়ে বিনামূলীয়াকৈ থকা – খোৱাকে ধৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে‌। আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি ই টি চি চৌহদৰ শিপিনী কেন্দ্ৰত ২৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ডেৰমহীয়া দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ ১৩ এপ্ৰিলত সামৰণি পৰে। এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ সোনাৰী, হোজাই জিলাৰ হোজাই আৰু কামৰূপ জিলাৰ ৰাণী উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটৰ নিৰ্বাচিত ৩০ জনী মহিলা শিপিনীয়ে ভাগ লয়। ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলাইৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত উপ সঞ্চালক অনুপম দত্ত, গাণনিক হেমেন বৈশ্যকে ধৰি কেবাজনো কৰ্মচাৰীয়ে বিশেষ সহযোগিতা আগবঢ়াইছিল।

তেনেদৰে শিপিনী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল ক্ৰমে- প্ৰশিক্ষক ধীৰেশ্বৰ ডেকা, দীপিকা দেৱী মহন্ত, জলিনা পাচ্ছিকা, লাগিনপুইয়া ফৌনায়ে। শিপিনী সকলক গ্ৰাহকৰ ৰুচি অনুসৰি সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। আনকি কাষৰীয়া খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত মহিলা দলকে ধৰি ওচৰ পাজৰৰ কিছু মহিলা আত্মসহায়ক গোটৰ শিপিনীয়েও মাজে সময়ে ই টি চি চৌহদলৈ আহি শিপিনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লয়। জ্ঞানমালিনী বিকশিত মহিলা দলৰ উপ সভানেত্ৰী পূৰ্ণিমা কলিতাকে ধৰি কেবাটাও আত্মসহায়ক গোটৰ কর্মকর্তাই সদৰি কৰা অনুসৰি এনে ধৰণৰ সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীয়ে দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক একো একো গৰাকী নিপুণ শিপিনী হিচাপে গঢ় দিব।

Leave A Reply

Your email address will not be published.