পহিলা ব’হাগৰ দিনা “দক্ষিণ কামৰূপ সচেতন মঞ্চৰ পৰা বৃহত্তৰ অঞ্চলৰ ভিন ক্ষেত্রৰ ২৭ জন জ্যেষ্ঠ নাগৰিকক ঘৰে ঘৰে গৈ অসমীয়া ফুলাম গামোছা, মানপত্র, গছৰ পুলিৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেখেত সকলৰ চৰণ চুই সেৱা জনায়। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, কবি দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, মুখ্য সচেতক তথা প্ৰবন্ধকাৰ কমল চন্দ্র মেধি, শিক্ষা সম্পাদক তথা শিক্ষক ৰঞ্জিৎ মহন্ত, প্ৰচাৰ সম্পাদক শিৰষ দাস, সদস্য জৱাহৰ মেধি, বাবুল হাজৰিকা, তাজনুৰ আলম চৌধুৰী, পলাশবাৰী আৰ. বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়(মিৰ্জা)ৰ শিক্ষক নিতুল তালুকদাৰ, দক্ষিণ কামৰূপ ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ চৌধুৰী, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্র সন্মিলনীৰ সম্পাদক ধৰ্মেন্দ্ৰ দাসৰ যোৱা সঁজাতি দলটোৱে ৰঙালী বিহুৰ “মানুহ বিহু”ৰ দিনাখনে উষ্ম সম্ভাষণ জনায়। দলটোৱে অবিনাশ শৰ্মা (প্ৰাক্তন প্ৰধান শিক্ষক, হেকেৰা প্ৰাথমিক বিদ্যালয়), লংকেশ্বৰ কলিতা (প্ৰাক্তন প্ৰধান শিক্ষক, সাতপখলী মজলীয়া বিদ্যালয়), বাসন্তি ডেকা (প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী, নাথপাৰা প্ৰাথমিক বিদ্যালয়), নগেন কলিতা (৯৮ বছৰীয়া আদৰ্শ কৃষক), যজ্ঞেশ্বৰী কলিতা (শিপিনী, ৰামপুৰ), বলোৰাম দাস (৮০ বছৰীয়া ঢুলীয়া, নহিৰা), ৰমেশ চন্দ্র মালাকাৰ(প্ৰাক্তন শিক্ষক, ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়), ৰাজেন্দ্ৰ নাথ (উপ-সভাপতি, অসম প্ৰাদেশিক নাথ যোগী সন্মিলনী), কাপুৰ চান্দ জৈন (সম্পাদক, বিজয়নগৰ গেলামাল ষ্টেচনাৰী ব্যৱসায়ী সন্থা), বলেন কলিতা (“নিয়মীয়া বাৰ্তা”ৰ সাংবাদিক, মিৰ্জা, পলাশবাৰী), দীনেশ চন্দ্র চৌধুৰী (জ্যেষ্ঠ সমাজসেৱী, কোকঝাৰ) যোগেশ কুমাৰ কলিতা (অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, দক্ষিণ কামৰূপ মহাবিদ্যালয়), ড০ মীৰাৰাণী কলিতা (প্ৰাক্তন অধ্যক্ষা, আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়), অসম দাস ( বয়স ৮৭, প্ৰাক্তন মুখ্য অভিযন্তা, লোককল্যাণ বিভাগ, অসম), মিনতি দাস (প্ৰাক্তন ছয়ানী জিলা পৰিষদৰ সদস্য), কৈলাশ নাথ শৰ্মা (প্ৰাক্তন অধ্যক্ষ, পলাশবাৰী উ: মা: আৰু ব: বিদ্যালয়), পৱন জি. ভট্টাচার্য (জ্যেষ্ঠ সমাজসেৱী, বিজয়নগৰ) লালমোহন চৌধুৰী (প্ৰাক্তন প্ৰধান শিক্ষক, বৃন্দাৱতী হাইস্কুল, তিনিআলি), নৰেশ্বৰ দাস (৭৫ বছৰীয়া চাইকেল মেকানিক, বৰিহাট), নবীন চন্দ্র দাস (প্ৰবীণ শিক্ষাবিদ, ধৰ্মজ্ঞ, ফুলগুৰি), গিয়াছুদ্দিন আহমেদ ( বিশিষ্ট শিক্ষাবিদ, ভোলাগাঁও), সতিশ চন্দ্র দাস (প্ৰাক্তন প্ৰধান শিক্ষক, পলাশবাৰী ছোৱালী হাইস্কুল), প্ৰফুল্ল দাস (প্ৰাক্তন প্ৰধান শিক্ষক, উপৰহালী মধ্য ইংৰাজী বিদ্যালয়ত তথা সম্পাদক, সানপাৰা ৰাইজ গয়ৰহ), নগেন চন্দ্র কাকতী (প্ৰাক্তন প্ৰধান শিক্ষক, সত্ৰাপাৰা আইডিয়েল হাইস্কুল), অমৃত দেৱান (বয়োজ্যেষ্ঠ সমাজকৰ্মী, সৰপাৰা), ডা: অপূর্ব কুমাৰ তালুকদাৰ(উপ -অধীক্ষক, বকো সামূহিক স্বাস্থ্য কেন্দ্র) আৰু বি. কে. সাইমণি (প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়, ৰামপুৰ শাখা)। সম্বৰ্দ্ধনা লৈ আবেগিক হৈ পৰে জ্যেষ্ঠ চিকিৎসক ডা: অপূর্ব কুমাৰ তালুকদাৰে কয়- “মাটিৰ স’তে সংপৃক্ত থাকিব লাগিব আমাৰ সকলোৰে। হেৰাই যাব দিব নালাগিব অসম ভূমিৰ সভ্যতা- সংস্কৃতি”। অনুষ্ঠানত ভাগ লোৱা মিৰ্জাৰ জী বৰ্তমান আমেৰিকাত কৰ্মৰত অভিযন্তা (ৰঙালী বিহুত ঘৰলৈ অহা) অপৰাজিতা দাসে কয়- “বৰ মহানুভবতাৰ চানেকি দাঙি ধৰিছে দ: কা: সচেতন মঞ্চই মহান নিদৰ্শন। আমি সকলোৱে মনত ৰখা প্ৰয়োজন হৈ পৰিছে আমি সচেতন নহ’লে জাতি-মাটি হেৰুৱাব লাগিব।” অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত ৰামপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ধীৰেণ মজুমদাৰ, পলাশবাৰী ল’ৰা হাইস্কুলৰ প্ৰাক্তন শিক্ষক প্ৰবীণ কলিতা, অভিযন্তা ক্ষিৰাজ কলিতা, যুৱ সমাজসেৱী প্ৰদীপ কলিতা, শিক্ষক নিলোৎপল ডেকা, কবি ৰঞ্জন কুমাৰ শৰ্মা প্ৰভৃতিয়ে অংশ লয়।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ