গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষ আৰু ৰাজীৱ গান্ধী নেচনেল ইনষ্টিটিউট অৱ ইউথ ডেভেলপমেণ্টৰ সহযোগত ৰাষ্ট্ৰীয় সেৱা আঁচনি কাৰ্যসূচী বিষয়াসকলৰ বাবে ৫ দিনীয়া যুৱ উন্নয়ন শীৰ্ষক কাৰ্যসূচী ১১ জুনত সফলতাৰে সমাপ্ত হয় । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান অনুষদৰ ডীন অধ্যাপক দ্বীপেন বেজবৰুৱাই কয় যে যুৱ উন্নয়ন হৈছে সকলো যুৱক-যুৱতীক উন্নতি সাধনত সহায় কৰাৰ ক্ষেত্ৰত সমগ্ৰ সম্প্ৰদায়ক জড়িত কৰাৰ বাবে পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা কৌশলগত পদ্ধতি।উত্তৰ পূৱৰ এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰে যুৱ বিকাশৰ বহু নিৰ্দিষ্ট ক্ষেত্ৰৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁলোকৰ মহাবিদ্যালয়সমূহত এন এছ এছৰ কাম-কাজসমূহ সঠিকভাৱে সম্পাদন কৰাৰ ক্ষেত্ৰত আলোকপাত কৰে।উত্তৰ পূব ৰাজীৱ গান্ধী নেচনেল ইনষ্টিটিউট অৱ ইউথ ডেভেলপমেণ্টৰ মুৰব্বী ড০ কোট্ট্টু শেখৰে ভাৰতীয় যুৱক-যুৱতীসকলক বিশেষভাবে উল্লেখ কৰি যুৱসকলৰ ধাৰণা আৰু সংজ্ঞাৰ বিষয়ে লগতে এন এছ এছৰ দৰ্শনৰ বিষয়েও অংশগ্ৰহণকাৰীসকলৰ অৱগত কৰে ।বিদায় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ শ্ৰেণীসমূহৰ সচিব অধ্যাপক ধ্ৰুবজ্যোতি চহৰীয়াই কয় যে এন এছ এছ গোটসমূহে যুৱ উন্নয়ন প্ৰকল্পসমূহ গ্ৰহণ কৰিব লাগে আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ ওপৰত প্ৰকল্পসমূহ গ্ৰহণ কৰিবলৈ বিশেষভাৱে অনুৰোধ জনায়।বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে যুৱ উন্নয়ন এটা গুৰুত্বপূৰ্ণ বিষয় যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ড০ কাকতিয়ে এন এছ এছৰ স্বেচ্ছাসেৱকসকলক সমাজত সামূহিক সেৱাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ এন এছ এছৰ কাৰ্যসূচী বিষয়াসকলক নিজ নিজ মহাবিদ্যালয়ত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায় ।কৰৈবা কে নেইগমাইয়ে অংশগ্ৰহণকাৰী আৰু অতিথিসকলক শলাগৰ শৰাই আগবঢ়ায়। উক্ত কাৰ্যসূচীত বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় ৪৫ গৰাকী এন এছ এছ কাৰ্যসূচী বিষয়াই অংশগ্ৰহণ কৰে আৰু মানপত্ৰ প্ৰদান কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন