প্ৰতিবছৰৰ দৰে এইবছৰো আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ‘কলা দিৱস’ উদযাপন কৰাৰ সমন্তৰালভাৱে দক্ষিণ কামৰূপ জিলা বিজেপিও পলাশবাৰীৰ বাটৰহাস্থিত জিলা কাৰ্যালয়ত কলা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰী, ডা: ৰাজেন কলিতা আৰু স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি ‘কলা দিৱস’ৰ তাৎপৰ্য বিশদভাৱে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উল্লখ্য যে, ১৯৭৫ চনৰ ২৫ জুনৰ দিনা তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংবিধানৰ ৩৫২ ধাৰাৰ অধীনত সমগ্ৰ দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। জৰুৰীকালীন অৱস্থাত নাগৰিকৰ সকলো অধিকাৰ চৰকাৰীভাৱে হনন কৰা হৈছিল। সংবাদ মাধ্যমৰ বাতৰি পৰিবেশনৰ স্বাধীনতা ৰদ কৰাৰ লগতে ৰাজনৈতিক দলৰ কাম কাজতো বাধা আৰোপ কৰা হৈছিল জৰুৰীকালীন অৱস্থাত। নিশাৰ ভিতৰতে দেশৰ সকলো বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰি গোপন স্থানত আবদ্ধ কৰি ৰখা হয়। কিন্তু দেশজুৰি ইন্দিৰা গান্ধী জৰুৰীকালীন ব্যৱস্থাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ় লৈ উঠে। মাত্ৰ দুটা বছৰৰ ভিতৰতে অৰ্থাৎ ১৯৭৭ চনত ইন্দিৰা গান্ধীয়ে গণ আন্দোলনৰ ওচৰত নত স্বীকাৰ কৰিবলৈ বাধ্য হয়। সেয়ে সমগ্ৰ দেশে ২৫ জুনৰ দিনটো নাগৰিক সংবিধান অধিকাৰ হনন কৰাৰ প্ৰতিবাদত প্ৰতিবছৰে ‘কলা দিৱস’ হিচাপে পালন কৰি আহিছে। সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিয়েও প্ৰতিষ্ঠা কালৰে পৰাই দেশৰ লগতে ‘কলা দিৱস’ উদযাপন কৰি আহিছে। সেয়েহে বিজেপি দলৰ কেন্দ্ৰীয় সমিতিয়ে ৰাজ্যিক পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়লৈকে কলা দিৱস উপলক্ষে ‘কলা দিৱস’ৰ যোজনা আৰু কাৰ্যক্ৰমৰ ৰূপৰেখাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন