বৃত্তমুখী পাঠ্যক্ৰমৰ জৰিয়তে কৰ্ম সংস্থাপনৰ পথ মুকলি কৰাৰ লক্ষ্যৰে নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনীয়াৰিং গুৱাহাটীয়ে নতুন শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন বিছাৰিছে। অনলাইন পাঠ্যগ্ৰহণৰ সুবিধা থকা এই প্ৰতিষ্ঠানটোত মুখ্যত এজন সুৰক্ষা বিষয়া হবলৈ কেনেদৰে প্ৰস্তুতি চলোৱা প্ৰয়োজন, সেই সন্দৰ্ভত শিক্ষা প্ৰদান কৰা হয়। ছেফটি অফিচৰজনৰ কাম হৈছে এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট ছিষ্টেম পৰিচালনা কৰা। পাঠ্যক্ৰম সমূহ হল – হেল্থ ছেফটি এনভাইৰেণ্ট আৰু ইণ্ডাচষ্ট্ৰিয়েল ছেফটিত তিনিবছৰীয়া ডিগ্ৰী, ফায়াৰ ছেফটি হেল্থ ছেফটি এনভাইৰেনমেণ্ট এবছৰীয়া পষ্ট গেজুৱেণ্ট ডিপ্লমা, ছেফটি মেনেজমেণ্ট দুবছৰীয়া এম.বি.এৰ ডিগ্ৰী আৰু ফায়াৰ ছেফটি আৰু হেল্থ ছেফটি এনফাৰেনমেণ্টত দুবছৰীয়া ডিপ্লমা। বৰ্তমান অন্নমলাই বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাদান কৰি অহা প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম এ আই চি টি ই, ইউ জি চি, ডি ই বি আৰু ভাৰত মানৱ সম্পদ উন্নয়ণ দপ্তৰ, নতুন দিল্লীৰ অনুমোদিত। আগ্ৰহীসকলে ফোন নম্বৰ ৮৪৮৬৩-৩১২৪৪ ত যোগাযোগ কৰিব পাৰে। অধিক জানিবৰ বাবে www.nifsassam.com লগ অন কৰি চাব পাৰে। প্ৰতিষ্ঠানটোৰ ঠিকনা হৈছে – গৃহ -১৮৪, দ্বিতীয় মহলা, চানমাৰী কলনি, এইচ ডি.এফ.চি.বেংকৰ ওচৰত গুৱাহাটী।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন