যোৱা ৮ আৰু ৯ জুলাইত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ তৰফৰপৰা হাজো সমষ্টিৰ কেইবাখনো বানপীড়িত গাঁৱত বান সাহাৰ্য্য বিতৰণ কৰা হয় । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ মিছন আৰু কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনে এই বান সাহাৰ্য্য কাৰ্য্যসূচীত সহযোগিতা আগবঢ়ায় । হাজো সমষ্টিৰ অৰ্ন্তগত হেলেছা, পানীখাইতী, বৰিজান পথাৰ পৰছিয়া, সৰাবাৰী, হাফলাকা, বৰম্বৈ, খলিহামাৰী, উসুৰা গাঁৱৰ বানপীড়িত ৰাইজক চাউল, দাইল, মিঠাতেল, আলু, পিয়াঁজ, চয়াবিন, বিস্কুট, গাখীৰ, মমবাতি, শিশুৰ আহাৰ আৰু চেনীটেৰী নেপকিন সহিতে সৰ্বমুঠ ৫০৮ টা পেকেট সাহাৰ্য্য হিচাপে প্ৰদান কৰা হয়। এই সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচীত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চাৰিজন অধ্যাপক আৰু কৰ্মচাৰী, শ্ৰীমন্ত শংকৰ মিছনৰ মুখ্য কাৰ্য্যবাহী বিষয়া অসমী দত্ত বৰুৱা, হাজো চক্ৰৰ মণ্ডল বিশ্বজিত ডেকা, নাছিৰুদ্দিন আহমেদ আৰু ধীৰেণ দাস, গাঁওবুঢ়া মহম্মদ ইমৰাণ হক্, কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা আৰু হাজো সংমণ্ডলৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া স্নেহা ভৰালী উপস্থিত থাকে ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা