যোৱা ৮ আৰু ৯ জুলাইত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ তৰফৰপৰা হাজো সমষ্টিৰ কেইবাখনো বানপীড়িত গাঁৱত বান সাহাৰ্য্য বিতৰণ কৰা হয় । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ মিছন আৰু কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনে এই বান সাহাৰ্য্য কাৰ্য্যসূচীত সহযোগিতা আগবঢ়ায় । হাজো সমষ্টিৰ অৰ্ন্তগত হেলেছা, পানীখাইতী, বৰিজান পথাৰ পৰছিয়া, সৰাবাৰী, হাফলাকা, বৰম্বৈ, খলিহামাৰী, উসুৰা গাঁৱৰ বানপীড়িত ৰাইজক চাউল, দাইল, মিঠাতেল, আলু, পিয়াঁজ, চয়াবিন, বিস্কুট, গাখীৰ, মমবাতি, শিশুৰ আহাৰ আৰু চেনীটেৰী নেপকিন সহিতে সৰ্বমুঠ ৫০৮ টা পেকেট সাহাৰ্য্য হিচাপে প্ৰদান কৰা হয়। এই সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচীত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চাৰিজন অধ্যাপক আৰু কৰ্মচাৰী, শ্ৰীমন্ত শংকৰ মিছনৰ মুখ্য কাৰ্য্যবাহী বিষয়া অসমী দত্ত বৰুৱা, হাজো চক্ৰৰ মণ্ডল বিশ্বজিত ডেকা, নাছিৰুদ্দিন আহমেদ আৰু ধীৰেণ দাস, গাঁওবুঢ়া মহম্মদ ইমৰাণ হক্, কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা আৰু হাজো সংমণ্ডলৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া স্নেহা ভৰালী উপস্থিত থাকে ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon