অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ অংশগ্ৰহণেৰে জামচেদপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

0 254

অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ অংশগ্ৰহণেৰে জামচেদপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰিছে । অহা বৰ্ষৰ জানুৱাৰী মাহত দেশত অনুষ্ঠিত হ’বলগীয়া দৃষ্টিহীন ছোৱালীৰ বাবে নাগেশ ট্ৰফী ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰস্তুতি হিচাপে ক্ৰিকেট এছ’চিয়েচন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া চমুকৈ চি এ বি আইৰ তত্বাৱধানত ১৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ জামচেদপুৰত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । প্ৰশিক্ষণ শিবিৰত কালি ঝাৰখণ্ডৰ লগত প্ৰথমখন অনুশীলন মেচত অসমে ৭ উইকেটত জয়লাভ কৰে । আজি অনুষ্ঠিত দ্বিতীয়খন খেলত অসমে ১০ ৰাণত পৰাজয় বৰণ কৰে । ঝাৰখণ্ডই বান্ধি দিয়া ৭২ ৰাণৰ লক্ষ্যৰে খেলি দলটোৱে ১০ উইকেটত ৬১ ৰাণহে কৰিবলৈ সক্ষম হয় । এই শিবিৰত দৃষ্টিহীন ক্ৰিকেটৰ উপৰি যোগ, আত্মৰক্ষা, কাৰাটে, ধ্যান আদিৰো প্ৰশিক্ষণ দিয়া হয় । লগতে ষ্টিক লৈ কেনেকৈ চলা ফুৰা কৰিব লাগে এই বিষয়েও জ্ঞান দিয়া হয় । চি এ বি আইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক তনুময় ভৌমিকৰ দৰে কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে । এই ৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ শিবিৰত অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ ১৩ গৰাকী ছোৱালী খেলুৱৈয়ে অংশগ্ৰহণ কৰে । অসমত দৃষ্টিহীন ক্ৰিকেটক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কেয়াৰ ইউ 365 ৰ উদ্যোগত অসমৰ দলটোৱে জামচেদপুৰৰ এই প্ৰশিক্ষণ শিবিৰত অংশ লয়।

উল্লেখযোগ্য যে অসম দলটোৰ প্ৰশিক্ষক হিচাপে গৈছে ৰাজদ্বীপ ডাকুৱা, টীম মেনেজাৰৰ দায়িত্বত আছে দিবন বৰা আৰু ৱাৰ্ডেনৰ দায়িত্বত আছে প্ৰিয়ংকা কাকতি । আনহাতে, অসম দলটোৰ টীম লিডাৰ হিচাপে আছে সত্যজিৎ শৰ্মা আৰু সহযোগী হিচাপে আছে হেমন্ত কলিতা ।

Leave A Reply

Your email address will not be published.