চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষটোত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হ’ব লগা হোৱা নাই বুলি মন্তব্য কৰিছিল।এই বিষয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জড়িয়তে মন্তব্য কৰিছিল যে ২০২১ বৰ্ষত অসমত মাথোঁ ২ টা গঁড়হে চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱাৰ বিপৰীতে ২০২২ বৰ্ষত এটাও গঁড়ৰ এনেদৰে মৃত্যু হোৱা নাছিল।গঁড় ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য খনক এশিঙীয়া গঁড়ৰ বাবে নিৰাপদ স্থলী বুলি ঘোষণা কৰিছিল।মুখ্যমন্ত্ৰীৰ এই টুইট নিজৰ একাউণ্টত শ্বেয়াৰ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক গঁড় হত্যা ৰোধ কৰাৰ বাবে সক্ৰিয় ভূমিকা লোৱা বাবে অভিনন্দন জনায়।২০২২ বৰ্ষত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু নোহোৱাটো সুন্দৰ বাতৰি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে সমগ্ৰ অসমবাসীকে কৃতিত্ব প্ৰদান কৰিছে।অসমবাসীয়ে এনেদৰে গঁড় হত্যা ৰোধ কৰি আদৰ্শৰ বাট দেখুৱাইছে বুলিও অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন