চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষটোত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হ’ব লগা হোৱা নাই বুলি মন্তব্য কৰিছিল।এই বিষয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জড়িয়তে মন্তব্য কৰিছিল যে ২০২১ বৰ্ষত অসমত মাথোঁ ২ টা গঁড়হে চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱাৰ বিপৰীতে ২০২২ বৰ্ষত এটাও গঁড়ৰ এনেদৰে মৃত্যু হোৱা নাছিল।গঁড় ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য খনক এশিঙীয়া গঁড়ৰ বাবে নিৰাপদ স্থলী বুলি ঘোষণা কৰিছিল।মুখ্যমন্ত্ৰীৰ এই টুইট নিজৰ একাউণ্টত শ্বেয়াৰ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক গঁড় হত্যা ৰোধ কৰাৰ বাবে সক্ৰিয় ভূমিকা লোৱা বাবে অভিনন্দন জনায়।২০২২ বৰ্ষত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু নোহোৱাটো সুন্দৰ বাতৰি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে সমগ্ৰ অসমবাসীকে কৃতিত্ব প্ৰদান কৰিছে।অসমবাসীয়ে এনেদৰে গঁড় হত্যা ৰোধ কৰি আদৰ্শৰ বাট দেখুৱাইছে বুলিও অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা