ডিজিটেলকৰণৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিৱৰ্তনশীল সামুদ্ৰিক খণ্ডৰ বাবে ‘সাগৰ মন্থন’ পদক্ষেপৰ আৰম্ভণি কৰিলে সৰ্বানন্দ সোণোৱালে

0 244

কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু অন্যান্য সহায়ক সংস্থাসমূহৰ সৈতে‌ সম্পৰ্কিত সকলো তথ্য একত্ৰিতভাৱে উপলব্ধ থকা ডিজিটেল প্লেটফৰ্ম ‘সাগৰ মন্থন’ নিৰীক্ষণ ডেশ্ববৰ্ড কালি নতুন দিল্লীত মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীদ্বয় শ্ৰীপদ য়েছ’নায়েক,শান্তনু ঠাকুৰ প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আজি মুকলি কৰা এই ডেশ্বব’ৰ্ডে সংশ্লিষ্ট তথ্য-পাতিৰ একত্ৰিকৰণ আৰু বিভিন্ন কাম-কাজ, প্ৰকল্প, পদক্ষেপ আদিৰ অগ্ৰগতি ত্বৰান্বিত কৰাত সহায় কৰিব।

এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়,সাগৰ মন্থন ডেমশ্বব’ডৰ শুভাৰম্ভণি হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া দৃষ্টিভংগীৰ দিশত এক সবল পদক্ষেপ। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সম্পৰ্কীয় কাম-কাজ তথা সংশ্লিষ্ট সংস্থা আৰু প্ৰতিষ্ঠান সমূহৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকিব। চলিত প্ৰকল্প সমূহৰ সঠিক নিৰীক্ষণে প্ৰকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ হোৱা, এই সংক্ৰান্তীয় সময়োচিত সিদ্ধান্ত লোৱা, প্ৰকল্পসমূহৰ বৰ্ধিত দক্ষতা আৰু কাৰ্যকৰিতা নিশ্চিত কৰিব। এই আধুনিক নিৰীক্ষণ ব্যৱস্থাই প্ৰকল্প ট্ৰেকিং, বিপদাশংকা ব্যৱস্থাপনা, কাম-কাজৰ অগ্ৰগতি আদি নিৰীক্ষণ কৰিব, যাৰ ফলত যিকোনো সময় সাপেক্ষ আৰু বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ কৰাত সহায়ক হ’ব। তদুপৰি, ‘সাগৰ মন্থন’ ডেশ্বব’ৰ্ডৰ শুভাৰম্ভণি হৈছে সামুদ্ৰিক পৰিবহণ খণ্ডত ডিজিটেলকৰণ আৰু স্বচ্ছতাৰ দিশত এক গুৰুত্বপূৰ্ণ বিকাশ।

Leave A Reply

Your email address will not be published.