ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫০০ৰো অধিক কাৰ্য-কৰ্তাৰ উপস্থিতিত আয়োজিত এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন প্ৰাক্তন কাৰ্য-কৰ্তা হিচাপে পৰিষদৰ পৰা লাভ কৰা সাংগঠনিক জ্ঞান,নিয়মানুবৰ্তিতা আদি অভিজ্ঞতা সামৰি এক নাতিদীৰ্ঘ বক্তব্য প্ৰদান কৰে।এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমূখ সুনীল আম্বেকাৰ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশিস চৌহান আৰু যুটীয়া ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ নায়ক উপস্থিত আছিল।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ