ভাৰতৰ প্ৰতিষ্ঠিত বিৰলা ই বাইক কোম্পানীয়ে এইবাৰ অসমত মুকলি কৰিছে নতুন শ্ব’ৰুম। গুৱাহাটী মহানগৰীৰ মালিগাঁও ১নং গেটত আজি বিয়লি ‘আসাৰা’ নামে এই শ্ব’ৰুমটো মুকলি কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে শ্ব’ৰূমটো মুকলি কৰে জালুকবাৰী আৰক্ষী থানাৰ কেন্দ্ৰীয় নাগৰিক সমিতিৰ অধ্যক্ষ, তথা ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । আনহাতে বন্তি প্ৰজ্বলন কৰে গুৱাহাটীৰ কুমাৰপাৰাৰ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপে। এই উপলক্ষে ৰঞ্জুমণি কাকতিয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে বিৰলা ই বাইক কোম্পানীৰ সদস্য অশ্বিনী কুমাৰ তিৱাৰীদক্ষিণ কামৰূপৰ লোহাৰঘাটৰ বিষ্ণু সত্ৰৰ সত্ৰাধিকাৰ বনমালী ৰাভা।
উল্লেখ্য যে, শ্ব’ৰুমত বৰ্তমান ৫টা মডেলৰ ই-স্কুটাৰ আৰু ৫টা মডেলৰ বাইক উপলব্ধ হৈছে। এই সন্দৰ্ভত স্বত্বাধিকাৰী সমুদ্ৰ কাকতিয়ে জানিবলৈ দিয়া মতে গ্রাহকে কম মূল্যত অত্যাধুনিক দুচকীয়া বাহনখন লাভ কৰিব। প্ৰায় ৬৫ হাজাৰৰ পৰা স্কুটাৰ আৰু প্ৰায় ১.৪০ লাখ টকাৰ পৰা আৰম্ভ হ’বলগীয়া বাইকৰ সৌন্দৰ্য, আধুনিক ডিজাইন আৰু সর্বোৎকৃষ্ট লিডিং প্ৰযুক্তিৰে নিৰ্মিত বাবে গ্ৰাহক আকৰ্ষিত হ’ব বুলি আশা কৰা হৈছে।